ভাৰতৰ পৰা কানাডাই ৪১ জন কূটনীতিবিদক প্ৰত্যাহাৰ কৰিছে। কানাডাৰ মাটিত খালিস্তান সমৰ্থক নেতা হৰদীপ সিং নিজ্জৰক হত্যা কৰাৰ পিছতে দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক অৱনতি ঘটিছে। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে অভিযোগ কৰে যে নিজ্জৰ হত্যাৰ আঁৰত ভাৰতীয় এজেণ্ট আছে। ইয়াৰ পিছতে নতুন দিল্লীয়ে কানাডাক ভাৰতত কূটনৈতিক উপস্থিতি হ্ৰাস কৰিবলৈ নিৰ্দেশ দিয়ে।
বৃহস্পতিবাৰে (১৯ অক্টোবৰ) কানাডাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মেলানিয়া জলীয়ে কয় যে, “শুকুৰবাৰৰ ভিতৰত নতুন দিল্লীয়ে ২১ জন কানাডাৰ কূটনীতিবিদ আৰু তেওঁলোকৰ পৰিয়ালৰ বাহিৰে বাকী সকলোৰে কূটনৈতিক বিশেষাধিকাৰ প্ৰত্যাহাৰ কৰিব। ফলত অট’ৱাই আন কূটনীতিবিদসকলক প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। আমি তেওঁলোকক ভাৰতৰ পৰা নিৰাপদে উলিয়াই আনিছো। আমাৰ কূটনীতিবিদ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল এতিয়া ভাৰতৰ বাহিৰলৈ গুচি গৈছে।”
লগতে পঢ়কঃ খেলিলে ভাৰতে, চাই ৰ’ল বাংলাদেশ! কোহলীৰ বিৰাট শতক; ৭ উইকেটত দুৰ্দান্ত জয়েৰে বিশ্বকাপৰ শীৰ্ষত ভাৰত
জ’লীয়ে লগতে কয় যে ৪১ জন কূটনীতিবিদৰ কূটনৈতিক বিশেষাধিকাৰ প্ৰত্যাহাৰ কৰাটো কেৱল অভূতপূৰ্ব নহয়, আন্তঃৰাষ্ট্ৰীয় আইনৰ বিৰুদ্ধেও। অৱশ্যে ভাৰতৰ এই পদক্ষেপৰ বিৰুদ্ধে কানাডাই কোনো ধৰণৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ নকৰে বুলিও তেওঁ কয়। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক যাতে বেয়া নহয় তাৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব।
তেওঁ লগতে কয়, “কানাডাই আন্তঃৰাষ্ট্ৰীয় আইন ৰক্ষা কৰিব। এই আইনসমূহ সকলো দেশতে প্ৰযোজ্য। ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। আমাৰ দুয়োখন দেশৰ কূটনীতিবিদসকলে ইজনে সিজনৰ লগত কথা পতা প্ৰয়োজন।’’
যোৱা মাহত প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ৰাজহুৱাভাৱে অভিযোগ কৰিছিল যে কানাডাৰ নাগৰিক তথা খালিস্তানী নেতা হৰদীপ সিং নিজ্জৰক হত্যা কৰাৰ আঁৰত ভাৰতীয় চোৰাংচোৱা আছে। নতুন দিল্লীয়ে এই দাবী অস্বীকাৰ কৰে। ট্ৰুডোৰ পৰা প্ৰমাণ বিচৰা হৈছিল। অৱশ্যে এই গুৰুতৰ দাবীৰ সমৰ্থনত তেওঁ এতিয়াও কোনো প্ৰমাণ দাঙি ধৰা নাই। ফলত ভাৰত আৰু কানাডাৰ সম্পৰ্ক যথেষ্ট অৱনতি ঘটিছে।
লগতে পঢ়কঃ পুৰুষৰ কি অভ্যাস নাৰী হৃদয়ৰ দুৰ্বলতাৰ কাৰণ হৈ পৰে? কি কয় চাণক্য-নীতিয়ে?
উল্লেখ্য যে খালিস্তানী বিচ্ছিন্নতাবাদীৰ দৰে হৰদীপ সিং নিজ্জৰেও সুকীয়া খালিস্তান ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছিল। তেওঁৰ বিৰুদ্ধে ভাৰতত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ আৰু হত্যাৰ চক্ৰান্তৰ অভিযোগ উত্থাপন হৈছিল। ইতিমধ্যে ভাৰতে তেওঁক মষ্ট ৱাণ্টেড তালিকাত স্থান দিছিল। ভাৰতে কানাডাক এই বিচ্ছিন্নতাবাদী নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ বাৰে বাৰে অনুৰোধ জনাই আহিছে। কিন্তু অট’ৱাই একো পদক্ষেপ গ্ৰহণ কৰা নাই।