• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খেলিলে ভাৰতে, চাই ৰ’ল বাংলাদেশ! কোহলীৰ বিৰাট শতক; ৭ উইকেটত দুৰ্দান্ত জয়েৰে বিশ্বকাপৰ শীৰ্ষত ভাৰত

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2023 9:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডাঙৰ অঘটন নঘটিলে ভাৰতৰ এই বেটিং অৰ্ডাৰক স্তব্ধ কৰাটো কল্পনাৰ বাহিৰত। বাংলাদেশে ২৫৬ ৰান সংগ্ৰহ কৰাৰ পাছত তেওঁলোকে যে জয়ৰ মুখ দেখিব সেয়া সপোনহে আছিল। আৰু সেইটোৱেই হৈছিল। ৰোহিত শৰ্মা আৰু শুভমন গীল ২২ গজলৈ নামি আহি বেটিং তাণ্ডৱ আৰম্ভ কৰে। আৰু বিৰাট কোহলীয়ে প্ৰতিপক্ষক পৰাস্ত কৰাৰ কাম সম্পূৰ্ণ কৰিলে।  

চলিত বিশ্বকাপ (আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩)ত কোহলী বিৰাট ফৰ্মত আছে। তেওঁ ৪৮ সংখ্যক এদিনীয়া শতক অৰ্জন কৰিলে। তেওঁৰ বেটৰ পৰা আহিল অপৰাজিত ১০৩ ৰান। ফলত ‘মেন ইন ব্লু’ ব্ৰিগেডে ৪১.৩ অভাৰত ৩টা উইকেট হেৰুৱাই ২৬১ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে।

এয়া যেন আছিল পাকিস্তানৰ বিৰুদ্ধে ৰান চেজৰ ৰিমেক। প্ৰথম অভাৰৰ পৰাই ৰোহিতে আক্ৰমণাত্মক মুডত বেটিং আৰম্ভ কৰে। শুভমনো বেছি পিছ পৰি নাথাকিল। ফলত মাত্ৰ ১২.৪ অভাৰতে ৮৮ ৰান সংগ্ৰহ কৰে টীম ইণ্ডিয়াই। সেই সময়তে পুল কৰিবলৈ গৈ হিটমেনে ডিপ স্কোৱাৰত কেচ দি ৪০টা বলত ৪৮ ৰান সংগ্ৰহ কৰি আউট হৈছিল। তেওঁ ইনিংছটোত ৭টা চাৰি আৰু ২টা ছয় মাৰে।

Apply Now
ফটো সৌজন্যঃ বিচিচিআই এক্স।

শুভমনে বিপক্ষৰ বলাৰক ক্লাব পৰ্যায়লৈ নমাই বিশ্বকাপৰ প্ৰথমটো অৰ্ধশতক সম্পূৰ্ণ কৰে। ‘ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ বিৰাট তাৰকাগৰাকী’য়ে তেওঁৰ ইনিংছ বেছি আগুৱাই নিব নোৱাৰিলে। ৫৫ বলত ৫৩ ৰান সংগ্ৰহ কৰি উভতিল। তেওঁ ৫টা চাৰি আৰু ২টা ছয় মাৰে।

ৰোহিত আউট হোৱাৰ লগে লগে নামিল বিৰাট। ক্ৰীজলৈ গৈ বাংলাদেশৰ বলাৰক দিশহাৰা কৰিবলৈ আৰম্ভ কৰিলে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অত্যন্ত চাপত পৰিও তেওঁ ৮৫ ৰান সংগ্ৰহ কৰিছিল। আফগান দলৰ বিৰুদ্ধে ৫৫ ৰানত অপৰাজিত আছিল। কিন্তু সেইদিনা নিশা পাকিস্তানৰ বিৰুদ্ধে বিৰাটে ১৬ ৰানত স্তব্ধ হবলগীয়া হৈছিল। এইবাৰ কিন্তু তেওঁ ৰৈ নাথাকিল। তাৰ পৰিৱৰ্তে ৪৮ শতক অৰ্জন কৰি বাংলাদেশক ৰখাই দিলে ‘চেজ মাষ্টাৰ’য়ে। বিৰাটে ৯৭টা বলত ১০৩ ৰান সংগ্ৰহ কৰে। তেওঁ ৬টা চাৰি আৰু ৪টা ছয় মাৰিলে। তেওঁৰ লগত আছিল লোকেশ ৰাহুল। তেওঁৰ বেটৰ পৰা আহে ৩৪ ৰান।

ফটো সৌজন্যঃ বিচিচিআই এক্স।

পুনেৰ খেলপথাৰৰ ২২ গজ বেটছমেনৰ স্বৰ্গ। যদিও এনে পিটছত টছত জয়ী হৈ বাংলাদেশে ভাল আৰম্ভণি কৰিছিল যদিও বলাৰৰ সৌজন্যত ভাৰতে পুনৰবাৰ প্ৰত্যাৱৰ্তন কৰিছিল। যদিও দুয়োগৰাকী অ’পেনাৰ তাঞ্জিদ হাছান আৰু লিটন দাসে আক্ৰমণাত্মক মুডত ৰান সংগ্ৰহ কৰিছিল, তথাপিও ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজে পুনৰবাৰ নিজৰ শক্তি প্ৰদৰ্শন কৰে।। ফলত বহু যুদ্ধৰ নায়ক মাহমুদুল্লাহ ৰিয়াদে ৩৬টা বলত ৪৬ ৰান সংগ্ৰহ কৰে যদিও নিৰ্ধাৰিত ৫০ অভাৰত ৮ উইকেটৰ বিনিময়ত ২৫৬ ৰানত আবদ্ধ হৈ পৰে বাংলাদেশ।

তাৰ পিছত ২২ গজত ৰোহিত আৰু শুভমনৰ পিছত আকৌ এবাৰ ‘কিং কোহলী’য়ে শক্তি প্ৰদৰ্শন কৰিলে। গতিকে ভাৰতীয় দলটোৱে চলিত বিশ্বকাপত চাৰিখনৰ চাৰিখনতে জয় লাভেৰে পুনৰবাৰ লীগৰ তালিকাৰ শীৰ্ষত যাবলৈ চিন্তা কৰিব লগা নহ’ল।

ফটো সৌজন্যঃ বিচিচিআই এক্স।

বৃহস্পতিবাৰে আঘাতৰ বাবে খেলিব পৰা নাছিল ছাকিব আল হাছানে। অৱশ্যে অধিনায়ক বাহিৰত থাকিলেও তাঞ্জিদ আৰু লিটনে সেই কথা বুজিব নিদিলে। লেহেমীয়া আৰম্ভণিৰ পিছতো হাৰ্দিক পাণ্ডিয়াই গোৰোহাত আঘাত পাই খেলপথাৰ এৰাৰ পিছতে বাংলাদেশৰ দুই অ’পেনাৰ বেট খুলি ওলাই আহিল। ইতিবাচক মনোভাৱেৰে বেটিং কৰি প্ৰথম উইকেটত ৯৩ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বলাৰসকলে আধিপত্য প্ৰদৰ্শন কৰিছিল। এইবাৰ বাংলাদেশৰ বিৰুদ্ধে পুনৰ কামবেক কৰিলে কুলদীপ-জাদেজাই।

ফটো সৌজন্যঃ বিচিচিআই এক্স।

যেতিয়া বাংলাদেশে ৯৩ ৰান সংগ্ৰহ কৰিছিল তেতিয়া তাঞ্জিদে ব্যক্তিগত ৫১ ৰান কৰিছিল। কুলদীপে তেওঁক ঘূৰাই পঠিয়াই ভাৰতৰ বাবে প্ৰথম সফলতা কঢ়িয়াই আনিলে। ১১০ ৰানৰ অন্তত বিপক্ষক দ্বিতীয়টো আঘাত দিলে জাডেজাই। ‘ষ্টপগেপ’ৰ অধিনায়ক নাজমুল হাছান শান্তো (৮) শীঘ্ৰেই উভতিল। তাৰ পিছত আহিল সেই মুহূৰ্তটো। গোটেই দেশখনে সেইটো চাবলৈ অপেক্ষা কৰি আছিল। লেগ ষ্টাম্পৰ বাহিৰলৈ যোৱা চিৰাজৰ ডেলিভাৰীটো  ষ্টিয়াৰ কৰিবলৈ চেষ্টা কৰাৰ সময়তে লোকেশ ৰাহুলে বাওঁফালে ফ্লাইং কেচ লয়। উভতিল মেহদি হাছান মিৰাজ। বাংলাদেশে ১২৯ ৰানত ৩ উইকেট হেৰুৱায়।

ফটো সৌজন্যঃ বিচিচিআই এক্স।

যোৱা বছৰৰ টী-২০ বিশ্বকাপতো লিটনৰ ফৰ্ম আছিল অতি সুন্দৰ। সেইবাৰো তেওঁৰ ৰান আউটৰ বাবে বাংলাদেশৰ বেটিং স্তব্ধ হৈছিল। এইবাৰো অৰ্ধশতক অৰ্জন কৰিলেও লিটনে দলটোক চাপত পেলালে। কভাৰৰ ওপৰেৰে জাডেজাক মাৰিবলৈ চেষ্টা কৰাৰ সময়তে লিটনে শুভমনৰ হাতত কেচ দিয়ে। এই অ’পেনাৰজনে ৮২টা বলত ৬৬ ৰান কৰি উভতিল।

ফটো সৌজন্যঃ বিচিচিআই এক্স।

শেষত মুছফুকিৰ ৰহিম আৰু মাহমুদুল্লাহ ৰিয়াদে স্ক’ৰব’ৰ্ডত বৃহত ৰান কৰিবলৈ চেষ্টা কৰিছিল যদিও বুমৰাহে পুনৰ বিপক্ষৰ ওপৰত চাপ বৃদ্ধি কৰে। কাৰণ মুছফিকুৰে বুমৰাহৰ অফ ষ্টাম্পৰ বাহিৰৰ বলটো স্কোৱাৰ কাট কৰিবলৈ গৈপইণ্টত থকা জাডেজাৰ হাতত কেচ তুলি দিয়ে।  ইয়াৰ পিছতে মাহমুদুল্লাহ ৰিয়াদে অকলে যুঁজিছিল যদিও বাংলাদেশ ৮ উইকেটত ২৫৬ ৰানত স্তব্ধ হৈ পৰে।

ফটো সৌজন্যঃ বিচিচিআই এক্স।

ভাৰতৰ হৈ বুমৰাহে ৩৩ ৰানত ২টা উইকেট, জাদেজাই ৩৮ ৰানত ২টা আৰু ছিৰাজে ৬০ ৰানত ২টা উইকেট দখল কৰে। কুলদীপ আৰু শাৰ্দুলে ১টাকৈ উইকেট লাভ কৰে। ইয়াৰ পিছত ভাৰতীয় বেটছমেনে ২২ গজত শাসন কৰে। আৰু সেইদৰে ‘মেন ইন ব্লু’ ব্ৰিগেডে একেৰাহে চতুৰ্থখন মেচত সহজে জয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd