NORTHEAST NOW (Assamese)

৩ এপ্ৰিলত মাৰ্ঘেৰিটাত ৰাজ্যিক পৰ্য্যায়ৰ কৰ্কট ৰোগৰ সজাগতা সভা

April 2, 2022 6:42 pm · মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা
প্ৰতিনিধিত্বমূলক ছবি

বৰ্তমান মানৱ সভ্যতাক আক্ৰান্ত কৰা আটাইতকৈ ভয়াৱহ ৰোগবোৰৰ ভিতৰত কেন্সাৰ বা কৰ্কট ৰোগ হৈছে অন্যতম।

গৱেষণাৰ তথ্যৰ পৰা জনা গৈছে মহিলা সকলৰ স্তন, আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগীৰ সংখ্যা বিশ্বত সৰ্ব্বাধিক হোৱাৰ লগতে মুখ গহ্বৰ, পাকস্থলী, খাদ্যনলী আৰু জৰায়ু গ্ৰীৱাত কৰ্কট ৰোগে আক্ৰান্ত কৰা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।

দিনক দিনে বৃদ্ধি পোৱা এই ৰোগ বিধৰ কাৰণ লক্ষণ আৰু চিকিৎসা বিধিৰ লগতে জনসাধাৰণৰ মাজত সজাগতা আৰু সচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে কৰ্কট ৰোগৰ সন্দৰ্ভত এখনি সজাগতা সভা ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত আৰু সেৱা ফাউণ্ডেশ্বনৰ সহযোগত অহা ৩ এপ্ৰিলৰ পুৱা ১০ বজাত মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত কৰিব।

উক্ত সজাগতা সভাত বিশেষজ্ঞ চিকিৎসক হিচাবে উপস্থিত থাকিব ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ কেন্সাৰ প্ৰকল্পৰ বিজ্ঞানীৰ লগতে কেইবাগৰাকীও এই ৰোগৰ বিশেষজ্ঞ চিকিৎসক। এই সন্দৰ্ভত এক প্ৰেছ টোকাৰ জৰিয়তে ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটা শাখাৰ সম্পাদক পবিত্ৰ বৰগোহাঞি জানিবলৈ দিছে।

এই সম্পৰ্কে অধিক জানিবলৈ সম্পাদকৰ 9401123830 মোবাইল ফোনৰ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। অন্যহাতে প্ৰতিটো দল- সংগঠনৰ পৰা কমেও ১০ গৰাকী সদস্যক উক্ত অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে উদ্যোক্তাসকলে অনুৰোধ জনাইছে।

Related News