NORTHEAST NOW (Assamese)

অভেৰী বা ডিম্বাশয়ৰ কৰ্কটৰোগ

December 21, 2023 12:25 pm · ডাঃ বিক্ৰম কুমাৰ ডেকা।

নাৰীদেহৰ এক বিশেষ অংগ হৈছে অভেৰী বা ডিম্বাশয়। ডিম্বাশয় সেই অংগ বা থলী যত নাৰী এগৰাকীৰ প্ৰজননৰ বাবে প্ৰয়োজনীয় ডিম্ব উৎপাদন হয়। আৰু এই ডিম্বাশয়ৰ ডিম্ব উৎপাদনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা মানেই নাৰী এগৰাকীৰ মাহেকীয়াৰ চক্ৰ আৰম্ভ হোৱা। অৰ্থাৎ এই ডিম্ব উৎপাদনৰ ফলস্বৰূপেই নাৰী এগৰাকীয়ে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হয়। এই ডিম্বাশয় নাৰী এগৰাকীৰ ইউটেৰাছ বা গৰ্ভাশয়ৰ দুয়োকাষে থকা দুটি সৰু থলী। ডিম্ব উৎপাদনৰ লগতে এই ডিম্বাশয়ত নাৰীদেহৰ দুবিধ অতি জৰুৰী হৰমন, ইষ্ট্ৰজেন আৰু প্ৰজেষ্ট্ৰেৰনৰো উৎপাদন হয়। আজি এই ডিম্বাশয়ত হোৱা কৰ্কটৰোগৰ বিষয়ে কিছু কথা জনাবলৈ ওলাইছোঁ৷ ডিম্বাশয় বা অভেৰীত কৰ্কটৰোগ হোৱা মানে ইয়াৰ ভিতৰতকেঞ্চাৰজনিত কোষ বা টিউমাৰৰ সৃষ্টি হোৱা আৰু অনিয়ন্ত্ৰিত মাত্ৰাত কোষবোৰৰ বৃদ্ধি হোৱা৷ স্ত্ৰীৰোগ সম্পৰ্কীয় কৰ্কটৰোগত হোৱাৰ মৃত্যুৰ কাৰকবোৰৰ ভিতৰত অভেৰী বা ডিম্বাশয়ত হোৱা কেঞ্চাৰ অন্যতম৷

অন্যহাতে, প্ৰতি ৮০ গৰাকী নাৰীৰ ভিতৰতে এগৰাকী নাৰীৰ ডিম্বাশয়ৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা থাকে। আমাৰ দেশতেই প্ৰতি বছৰে প্ৰায় ২,০০০০০টা পৰ্যন্ত ডিম্বাশয়ৰ কৰ্কটৰোগৰ ঘটনা ধৰা পৰে। আৰু প্ৰতি বছৰে ১,২৫০০০টা মৃত্যুৰ কাৰণো হৈ পৰে এই কৰ্কটৰোগ। অভেৰী বা ডিম্বাশয় হৈছে এটি মাথোঁ বাদামৰ আকৃতিৰ দুটি সৰু অংগ। কৰ্কটৰোগত আক্ৰান্ত হলে এনে এটি সৰু অংগত যেতিয়া অধিক মাত্ৰাত অনিয়ন্ত্ৰিত হাৰত কৰ্কটৰোগৰ টিউমাৰৰ সৃষ্টি হয়,তেতিয়া এইবিধ কৰ্কটৰোগৰ জটিলতা বেছি হোৱাই স্বাভাৱিক। ইয়াৰ লগতে এইবিধ কৰ্কটৰোগৰ সহজে কোনো বিশেষ লক্ষণে দেখা নিদিয়াৰ ফলত,ইয়াৰ পৰীক্ষণ সাধাৰণতে পলমকৈ হয়। ৰোগ নিৰ্ধাৰণ এইদৰে পলমকৈ হোৱাৰ সমান্তৰালকৈ এই ৰোগ ধৰা পেলাবৰ বাবে কৰিব পৰা উপযুক্ত পৰীক্ষণৰ প্ৰক্ৰিয়াৰ অভাৱো ডিম্বাশয়ৰ কৰ্কটৰোগত হোৱা মৃত্যুৰ আন এক অন্যতম কাৰণ। অৱশ্যে পাশ্চাত্যৰ দেশসমূহৰ নাৰীৰ জনমূৰি হিচাপৰ তুলনাত আফ্ৰিকান আৰু এছিয়ান নাৰীৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰাবল্য কম। বিশেষকৈ দক্ষিণ এছিয়াৰ দেশসমূহত এই প্ৰাবল্য আৰু কম। যদিও এইবিধ কৰ্কটৰোগ প্ৰাণঘাতী হোৱাৰ সম্ভাৱনা বেছি,তথাপিও সময়ৰ লগে লগে ক্ৰমশঃ এই ৰোগৰ পৰা মুক্ত হোৱা ৰোগীৰ হাৰো বৃদ্ধি পাইছে।

এতিয়া আহিছোঁ ডিম্বাশয়ৰ কৰ্কটৰোগৰ টিউমাৰৰ প্ৰকাৰসমূহলৈ। ডিম্বাশয়ৰ কৰ্কটৰোগৰ প্ৰায় ৩০ টাত কৈ অধিক প্ৰকাৰ আছে যদিও,ইয়াৰে মুখ্য কেইটিমানযিকেইটি সহজেই দেখা দিয়ে,সেই কেইটি উল্লেখ কৰিলো

) চেৰাছ টিউমাৰ,
) মিউচিনাছ টিউমাৰ,
) এণ্ডমেট্ৰইড টিউমাৰ,
) ক্লীয়েৰ চেল টিউমাৰ,
) ট্ৰানজিচনেল চেল টিউমাৰ,
) স্কোৱামাছ চেল টিউমাৰ,
) মিক্সড ইপিথেলিয়েল টিউমাৰ,
) আনডিফাৰেন্সিয়েটেড টিউমাৰ,
) গ্ৰেনুলচা ষ্ট্ৰৰ্মেল চেল টিউমাৰ,
১০) চেৰটলি লিডিঙ চেল টিউমাৰ,
১১) প্ৰিমিটিভ জাৰ্ম চেল টিউমাৰ,
১২) টেৰাটমা।

যদিওবা ডিম্বাশয় বা অভেৰীৰ কৰ্কটৰোগৰ কোনো নিৰ্দ্দিষ্ট কাৰক জনা নাযায়,কিন্তু তথাপিও এনে কিছু কাৰক আছে বা থাকে যিয়ে এগৰাকী নাৰী ডিম্বাশয়ৰ কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাক অধিক প্ৰবল কৰি তোলে। অৱশ্যেই এনে কোনো অৱধাৰিত কথা নাই যে,এনে কাৰক থাকিলে নাৰীগৰাকী কৰ্কটৰোগত আক্ৰান্ত হবই বা নেথাকিলে নহবই। পিছে তথাপিও এই কাৰকসমূহৰ বিষয়ে জানি থোৱা ভাল,কাৰণ এনে কাৰক থাকিলে পূৰ্বেই সজাগ হব পাৰি তথা চিকিৎসকৰ পৰামৰ্শও গ্ৰহণ কৰিব পাৰি,যিয়েই নাৰী এগৰাকীক ডিম্বাশয়ৰ কৰ্কটৰোগৰ পৰা হাত সাৰি থকাত সহায়ক প্ৰতিপন্ন হব। এনে কিছু কাৰক যেনে

) পৰিয়ালৰ আপোন কোনোবা যেনে মাতৃ,ভগ্নী বা জীয়ৰীৰ ডিম্বাশয়ৰ কৰ্কটৰোগত আক্ৰান্ত হলে।
) BRCA-1 আৰু BRCA-2 এই দুয়োবিধ জিনৰ ক্ষেত্ৰত হোৱা বংশানুক্ৰমিক পৰিৱৰ্তন।
) আন বংশগত পৰিস্থিতি বা অৱস্থা,যেনে হেৰিডিটেৰী ননপলিপছিচ কলৰেক্টেল কেঞ্চাৰ।
) এণ্ডমেট্ৰিয়ছিচ।
) ৰজোনিবৃত্তিৰ পিছত লোৱা হৰমনেল থেৰাপী।
) মেদবহুলতা।

এতিয়া আহিছো এই ৰোগত আক্ৰান্ত হোৱা ৰোগী এগৰাকীৰ কি কি লক্ষণ দেখা দিব পাৰে সেই দিশলৈ। কাৰণ,ডিম্বাশয়ৰ কৰ্কটৰোগৰ লক্ষণসমূহ স্পষ্টভাৱে প্ৰকট হোৱালৈ বেছ সময় লাগে। আৰু তেতিয়ালৈ সাধাৰণতে ৰোগীগৰাকীৰ ডিম্বাশয়তে এই কৰ্কটৰোগ আৱদ্ধ নেথাকি আন আন অংশলৈকো বিয়পি পৰে। যি ৰোগীগৰাকীৰ বাবেই অধিক ভয়াবহ কথা। পিছে এনেও নহয় যে এইবিধ কৰ্কটৰোগত আক্ৰান্ত হলে শৰীৰে কোনো ইংগিত নিদিব। গতিকে এইখিনিলৈকো যিমান পাৰি সিমান সোনকালে চকু দিব লাগে। এনে কিছু লক্ষণৰ বিষয়ে তলত উল্লেখ কৰিছো

) পেট বা শ্ৰোণী অংশত হোৱা বিষ,ফুলা বা হেঁ‌চা পৰাৰ অনুভৱ হোৱা।
) হঠাৎ বা সঘনাই প্ৰস্ৰাৱ কৰিবলৈ লগা।
) খাদ্য গ্ৰহণ কৰাত সমস্যা হোৱা বা পেট ভৰি থকাৰ অনুভৱ হোৱা।
) শ্ৰোণী অংশত হোৱা টেমুনা।
) গেষ্ট্ৰইন্টেষ্টিনেল সমস্যা যেনে গেছ,পেট ফুলা অথবা কোষ্ঠকাঠিন্য।

উপৰোক্ত সমস্যা বা জটিলতাসমূহে দেখা দিলে, অনতিপলমে বিভাগীয় চিকিৎসকৰ কাষ চাপক। কাৰণ, আন আন কৰ্কটৰোগৰ দৰেইডিম্বাশয় বা অভেৰীৰ কৰ্কটৰোগৰ ক্ষেত্ৰতো যিমান সোনকালে এই ৰোগৰ পৰীক্ষণ হব বা ধৰা পৰিব, সিমানেই সোনকালে তেওঁৰ চিকিৎসা প্ৰক্ৰিয়া আগবঢ়াব পাৰিব। এয়াই ৰোগীগৰাকীৰ জীৱন ৰক্ষাৰ বাবে সমীচীন। গতিকেই, সচেতন হওক, সজাগ হওক।

ডাঃ বিক্ৰম কুমাৰ ডেকা
(কেন্সাৰ ৰোগ বিশেষজ্ঞ, ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী)
চিকিৎসকৰ ফোন
৯৫৬০৬৩০২০৫

Related News