NORTHEAST NOW (Assamese)

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজীৱ পৰাশৰৰ গাড়ীত বিশ্বনাথৰ বিধায়কৰ কাৰ পাছ

October 18, 2020 4:11 pm · কাজী জেইদুল ইছলাম

বিভিন্ন বিভাগত চাকৰি দিয়াৰ  নামত দালাল ৰাজীব পৰাশৰক গ্ৰেপ্তাৰ কৰাৰ পিছত নতুন মোৰ ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চাকৰি দিয়াৰ বজাৰ মেলা ৰাজীৱ পৰাশক গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে যে ৰাজীৱৰ স্কৰপীঅ’ গাড়ীত আছিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বিধানসভাৰ কাৰ পাছ ।

এই সন্দৰ্ভত বিধায়ক প্ৰমোদ বৰঠাকুৰে অভিযুক্ত দালাল গৰাকীক চিনি নাপাই বুলি কোৱাৰ পিছত এইবাৰ সংবাদ মেলত বিস্ফোৰক  মন্তব্য প্ৰকাশ কৰিছে  অসম প্ৰদেশ কংগ্ৰেছে।

বিশ্বনাথ জিলা কংগ্ৰেছ কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছৰ  মুখপাত্ৰ তথা সম্পাদক  ড° সঞ্জু বৰুৱাই   ৰাজীৱ পৰাশৰ বিশ্বনাথৰ  বিধায়ক প্ৰমোদ বৰঠাকুুৰৰ মোমাই পৰিয়ালৰ বুলি বিস্ফোৰক মন্তব্য কৰে।

যাৰ বাবে সংবাদ মেলত বিশ্বনাথৰ   বিধায়ক গৰাকীক তদন্তৰ আওতালৈ আনিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় কংগ্ৰেছৰ মুখপাত্ৰ ড° সঞ্জু বৰুৱাই।

বৰুৱাই সন্দেহ কৰে যে ৰাজীব পৰাশৰৰ লগতে বিধায়ক প্ৰমোদ বৰঠাকুৰো এই কেলেংকাৰীত জড়িত।

ইফালে বিধায়ক গৰাকীয়ে ৰাজীব পৰাশৰৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই বুলি কোৱা কথাষাৰ সম্পূৰ্ণ মিছা বুলি অভিযোগ তুলি কয় যে এজন বিধায়কে বিধান সভালৈ যোৱাৰ বাবে নিজৰ পৰিয়াল, আত্মীয় আৰু বন্ধুকহে দিব পাৰে ।

তেনে ক্ষেত্ৰত বিধায়ক প্ৰমোদ বৰঠাকুৰে ৰাজীব পৰাশৰক কাৰ পাছ দিয়া মানে হয় তেও পৰিয়ালৰ মানুহ, নহয় বন্ধু তথা আত্মীয় হ’ব লাগিব।

ইফালে ড° সঞ্জু বৰুৱাই অভিযোগ তুলি কয় যে  বিধায়ক প্ৰমোদ বৰঠাকুৰ বিধায়ক হোৱাৰ আগতে এজন শিক্ষক আছিল। তেনে ক্ষেত্ৰত এজন প্ৰাক্তন শিক্ষক হৈ ইমান নিকৃষ্ট ৰাজনীতি কৰিবলৈ গৈ শিক্ষক সমাজক লজ্জানত কৰিছে।

Related News