• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লী বিস্ফোৰণত ব্যৱহৃত i20 গাড়ীৰ মালিকক গ্ৰেপ্তাৰ! কাৰ নামত আছিল নথি? প্ৰতিবেদনে কি কয় ?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 11, 2025 7:36 am
127
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণ কাণ্ডত এতিয়া নতুন তথ্য পোহৰলৈ আহিছে। সোমবাৰে নিশা অমিত শ্বাহে কৈছিল যে ‘হুণ্ডাই আই২০ গাড়ীয়েই বিস্ফোৰণৰ প্ৰকৃত কাৰণ’। ইয়াৰ পিছতে গাড়ীখন কাৰ নামত পঞ্জীয়ন কৰা হৈছে সেই তথ্য জানিব পৰা গ’ল।

প্ৰথম অৱস্থাত গম পোৱা গৈছিল যে গাড়ীখনত হাৰিয়ানাৰ নম্বৰ প্লেট আছে। এনডিটিভিৰ প্ৰতিবেদন অনুসৰি গাড়ীখন ছলমান নামৰ এজন ব্যক্তিৰ নামত পঞ্জীয়ন কৰা হৈছে। পিছত গাড়ীখন ওখলাত আন এজন ব্যক্তিক বিক্ৰী কৰা হয়। গাড়ীখনৰ নম্বৰ আছিল HR 26 CE 7674।

Apply Now

শেহতীয়া আপডেট অনুসৰি আৰক্ষীয়ে গাড়ীখনৰ প্ৰথম মালিক ছলমানক গ্ৰেপ্তাৰ কৰিছে। এতিয়া তেওঁৰ পৰা গাড়ীখনৰ বিষয়ে বাকী তথ্য জানিবলৈ চেষ্টা কৰা হ’ব। সোমবাৰে নিশা সংঘটিত হোৱা বিস্ফোৰণৰ সৈতে তেওঁৰ কোনো ধৰণৰ সম্পৰ্ক আছে নে নাই সেয়াও তদন্ত কৰা হ’ব।

গুৰগাঁও আৰক্ষীৰ মুখপাত্ৰ সন্দীপ কুমাৰে জনোৱা মতে, বৰ্তমান দুজন লোকক গাড়ীখনৰ মালিকীস্বত্ব সন্দৰ্ভত জেৰা চলি আছে। গাড়ীখন মহম্মদ ছলমান নামৰ এজন ব্যক্তিৰ নামত পঞ্জীয়ন কৰা হৈছিল। পিছত তেওঁ গাড়ীখন দেৱেন্দ্ৰ নামৰ এজন ব্যক্তিক বিক্ৰী কৰে। প্ৰায় ডেৰ বছৰ আগতে গাড়ীখন বিক্ৰী কৰিছিল ওখলাৰ বাসিন্দা দেৱেন্দ্ৰ নামৰ এজন ব্যক্তিক।

 কিন্তু এই ঘটনাত নদীম নামৰ আন এজন ব্যক্তিৰ নাম আহি পৰে। খবৰ অনুসৰি তেওঁ গাড়ীখনৰ বৰ্তমানৰ মালিক আছিল।

ইতিমধ্যে নিশাই ঘটনাস্থলীত উপস্থিত হয় দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। তাৰ আগতে তেওঁ সংবাদমেল অনুষ্ঠিত কৰিছিল। তেওঁ কয়, “সকলো সম্ভাৱনা পৰীক্ষা কৰা হ’ব। চিচিটিভিও পৰীক্ষা কৰা হ’ব। যিবোৰ তথ্য উপলব্ধ হ’ব, সেই সকলো তথ্য জনসাধাৰণৰ সন্মুখত অনা হ’ব।”

প্ৰসংগক্ৰমে তেওঁক সংবাদ মাধ্যমে সুধিছিল যে এয়া সন্ত্ৰাসবাদী আক্ৰমণ নেকি? এই সন্দৰ্ভত অমিত শ্বাহে কয়, “এতিয়াও নিশ্চিত নোহোৱাকৈ ক’ব নোৱাৰি।” বিস্ফোৰণস্থলী পৰিদৰ্শন কৰাৰ উপৰিও  তেওঁ চিকিৎসালয়খনো পৰিদৰ্শন কৰে।

এই পৰ্যন্ত দিল্লী বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জন আহত হৈছে। জানিব পৰা মতে, আহতসকলৰ আঘাত মূলতঃ অগ্নিকাণ্ডৰ বাবে। কোনো সেই স্তৰৰ আই ই ডি বা বোমা বিস্ফোৰণ নহয়। অৰ্থাৎ সন্দেহযুক্ত বাহনখনত বোমা নিৰ্মাণৰ সামগ্ৰীও কঢ়িয়াই অনা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে কেন্দ্ৰই এই ঘটনাক সন্ত্ৰাসবাদী আক্ৰমণ বুলি ঘোষণা কৰা নাই।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd