NORTHEAST NOW (Assamese)

হৃদতন্ত্ৰৰ ৰোগ : কাৰণ, লক্ষণ আৰু প্ৰতিকাৰ

February 11, 2025 5:09 pm · এন ই নাও নিউজ, গুৱাহাটী

হৃদযন্ত্ৰৰ ৰোগ হৈছে এটা গুৰুতৰ স্বাস্থ্য সমস্যা। শেহতীয়াকৈ দেশত ভয়ানকভাবে বৃদ্ধি পাইছে হৃদৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা। ইয়াৰে অধিকাংশৰেই বয়স ৫০ বছৰতকৈ কম।

বৰ্তমান সময়ত অস্বাস্থ্যকৰ খাদ্যাভ্যাস, মানসিক চাপ, ধূমপান, আৰু শাৰীৰিক কাৰ্যকলাপৰ অভাৱে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিছে।

চিকিৎসকসকলৰ মতে, অসমত হাৰ্ট এটেকৰ ঘটনা বৃদ্ধি পোৱাটো এক উদ্বেগজনক অৱস্থা। এই বিষয়ে সচেতনতা বৃদ্ধি কৰাটো প্ৰয়োজনীয়।

হাৰ্ট এটেক কি?

হৃদযন্ত্ৰৰ বন্ধ হৈ যোৱা বা হাৰ্ট এটেক হৈছে হৃদপিণ্ডলৈ অক্সিজেনযুক্ত তেজ প্ৰবাহিত কৰা ৰক্তনলী (Coronary Artery) বন্ধ হৈ যোৱাৰ ফলত সৃষ্টি হোৱা এক শাৰীৰিক অৱস্থা। ইয়াক সাধাৰণতে “হাৰ্ট এটেক” বুলি জনা যায়।

হাৰ্ট এটেকৰ লক্ষণসমূহ

ক) বুকুৰ মাজভাগত তীব্ৰ বিষ বা চাপ অনুভৱ। 

খ) বাওঁহাত বা মূৰৰ পিছফালে বিষ বিয়পা। 

গ) বমি বমি ভাব আৰু ঘামি যোৱা। 

ঘ) উশাহ-নিশাহত অসুবিধা। 

হাৰ্ট এটেকৰ কাৰণসমূহ

ক) উচ্চ ৰক্তচাপ, ডায়েবেটিছ, ক’লেষ্টেৰল বৃদ্ধি। 

খ) ধূমপান, তামোল-জৰ্দা খোৱাৰ অভ্যাস। 

গ) শাৰীৰিক পৰিশ্ৰম বা ব্যায়ামৰ অভাৱ।

ঘ) বংশৰ ইতিহাস

ঙ) মানসিক চাপ। 

উল্লেখ্য যে ভাৰতীয় মানুহৰ খাদ্যাভ্যাসত তেল-মছলাযুক্ত খাদ্য আৰু নিমখৰ প্ৰয়োগ বেছি। লগতে তামোল-জৰ্দা আৰু ধূমপানৰ ব্যৱহাৰো ভাৰত বা অসমত অতি বেছি। ইফালে গ্ৰাম্য অঞ্চলত চিকিৎসা সুবিধাৰ অভাৱো ৰোগীৰ মৃত্যুৰ আন এক কাৰণ।

হাৰ্ট এটেক প্ৰতিৰোধৰ উপায়

১. সুস্থ খাদ্যাভ্যাস: শাক-পাচলি, ফল-মূল, আৰু কম তেল-মছলাৰ খাদ্য গ্ৰহণ কৰা। 

২. নিয়মীয়া ব্যায়াম: দিনটোৰ ৩০ মিনিট খৰকৈ খোজ কঢ়া বা যোগাভ্যাস কৰা। 

৩. ধূমপান আৰু মদ্যপান ত্যাগ কৰা। 

৪. ৰক্তচাপ, শৰ্কৰা আৰু ক’লেষ্টেৰল নিয়ন্ত্ৰণত ৰখা। 

৫. মানসিক চাপ হ্ৰাস কৰা।

চিকিৎসা 

হাৰ্ট এটেকৰ কোনো এটা লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসালয়লৈ যোৱা উচিত। ECG, এঞ্জিঅপ্লাষ্টি, বা বাইপাছ চাৰ্জৰে বন্ধ হৈ যোৱা ৰক্তনলী খুলিব পাৰি। লগতে, আজিকালি বিভিন্ন ঔষধৰ দ্বাৰাও তাৎক্ষণিক চিকিৎসাৰে ৰোগীক জীয়াই ৰাখিব পাৰি।

Related News