বিজেপিৰ তেজস্বী সূৰ্যৰ বিৰুদ্ধে ‘ধৰ্মৰ দোহাই দি ভোট বিচৰা’ৰ বাবে নিৰ্বাচন আয়োগে ৰুজু কৰিলে গোচৰ

কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াই শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি এক্স (পূৰ্বৰ টুইটাৰ)ত ভিডিঅ’ পোষ্ট কৰি ধৰ্মৰ দোহাই দি ভোট বিচৰাৰ বাবে বিজেপি সাংসদ তেজস্বী সূৰ্যৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে গোচৰ তৰিছে।

লগতে পঢ়ক: অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন; ১৩ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যত সম্পন্ন নিৰ্বাচন

বেংগালুৰু দক্ষিণৰ আসনৰ পৰা পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা তেজস্বী সূৰ্যই বৃহস্পতিবাৰে কয় যে যদিও বিজেপিত দলটোক সমৰ্থন কৰা ৮০ শতাংশ লোক আছে, তথাপিও মাত্ৰ ২০ শতাংশই ভোট দিয়ে আৰু কংগ্ৰেছৰ মাত্ৰ ২০ শতাংশ দলটোক সমৰ্থন কৰা লোকেই দলটোক ৮০ শতাংশ ভোট দিয়ে।২৬ এপ্ৰিল শুকুৰবাৰে অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত বিজেপি সাংসদগৰাকীয়ে নিজৰ সমষ্টিৰ লোকসকলক অভিলেখ সংখ্যক ভোটদান কৰিবলৈ আহ্বান কৰে৷

লগতে পঢ়ক:  ১৮০ টা সন্তানৰ পিতৃ হৈও নিসংগ জীৱন : লগ পাইছে মাত্ৰ ৬০ টা সন্তানক

মুঠ ২৮খন লোকসভাৰ আসনৰ ভিতৰত কৰ্ণাটকৰ ১৪খন আসনৰ বাবে ভোটগ্ৰহণ চলি আছে আৰু বিয়লি ৩ বজালৈ ভোটাৰৰ ভোটদানৰ হাৰ ৫০.৯৩ শতাংশ।

লগতে পঢ়ক:  প্ৰধানমন্ত্ৰীয়ে ভয় খাইছে, মঞ্চত তেওঁ কান্দি দিবও পাৰে : মোদীক ঠাট্টা ৰাহুলৰ

বেংগালুৰু দক্ষিণৰ আসনত সূৰ্যই ৰাজ্যৰ পৰিবহণ মন্ত্ৰী ৰামালিংগা ৰেড্ডীৰ কন্যা জয়নগৰৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেত্ৰী সৌম্যা ৰেড্ডীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ১৯৯৬ চনৰ পৰা বিজেপিৰ দুৰ্গ হিচাপে পৰিগণিত হোৱা বেংগালুৰু দক্ষিণে ২০১৯ চনৰ নিৰ্বাচনত সূৰ্যই তিনি লাখৰো অধিক ভোটৰ ব্যৱধানত আসনখনত জয় কৰিছিল।

লগতে পঢ়ক:  প্ৰধানমন্ত্ৰীয়ে ভয় খাইছে, মঞ্চত তেওঁ কান্দি দিবও পাৰে : মোদীক ঠাট্টা ৰাহুলৰ