NORTHEAST NOW (Assamese)

‘ভাৰত ৰত্ন’ক অসন্মান : জুবিন গাৰ্গৰ বিৰুদ্ধে এজাহাৰ দাখিল

January 26, 2019 3:03 pm · এন ই নাও নিউজ
Updated: January 26, 2019 3:47 pm

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে ‘ভাৰত ৰত্ন বঁটা’ সম্পৰ্কত কৰা অশোভনীয় শব্দ ব্যৱহাৰ কৰি অসন্মান প্ৰদৰ্শন কৰাৰ বাবে এখন এজাহাৰ দাখিল কৰা হৈছে।

ভাৰতীয় জনতা দলৰ কিষাণ মৰ্চাৰ ৰাজ্যিক উপসভাপতি সত্য ৰঞ্জন বৰাই লংকা আৰক্ষী থানাত শিল্পীগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰদান কৰা ‘’ভাৰত ৰত্ন বঁটা’’ক অসন্মান কৰাৰ লগতে ৰাজহুৱা মঞ্চত জুবিনে কৰা অশোভনীয় আচৰণৰ অভিযোগ আনি এই এজাহাৰ দাখিল কৰা হৈছে।

আনহাতে, উক্ত এজাহাৰৰ ভিত্তিত লংকা থানাই ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৫০০/৫০৬ ধাৰাৰ অধীনত আৰু ৬৭ আই টি এক্টৰ অধীনত ৩৫/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰিছে।

জুবিনৰ বিৰুদ্ধে লংকা থানাত দাখিল কৰা এজাহাৰখন।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত কণ্ঠশিল্পী জুবিন গাৰ্গে তেওঁ শেহতীয়াকৈ মুকলি কৰা ‘পলিটিক্স নকৰিবা বন্ধু’ গীতটি গাই থকাৰ মাজতে ভাৰত ৰত্ন বঁটা সন্দৰ্ভত ‘অসাংবিধানিক শব্দ’ ব্যৱহাৰ কৰিছিল।

উল্লেখযোগ্য যে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন মৰণোত্তৰভাৱে সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰদান কৰিছিল। দেশৰ আন দুগৰাকী বিশিষ্ট ব্যক্তি ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু বিখ্যাত সমাজকৰ্মী নানাজী দেশমুখৰ লগতে ড০ ভূপেন হাজৰিকালৈয়ো এই সন্মান আগ বঢ়োৱা হয়।

আনহাতে, শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ মুকলি বিৰোধিতা কৰি অহা জুবিন গাৰ্গে বিজেপি চৰকাৰকো তীব্ৰ সমালোচনা কৰি আহিছে।

Related News