NORTHEAST NOW (Assamese)

বাংলাদেশলৈ গো সৰবৰাহ, মাৰণাস্ত্ৰ ৰখাৰ অভিযোগ নস্যাৎ কৰি কাকজানত পশুধন ব্যৱসায়ী সন্থাৰ প্ৰতিবাদী সভা

May 14, 2022 12:43 pm · এন ই নাও নিউজ, টীয়ক

টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কাকজান দগাঁৱৰ জোনাকী প্ৰাথমিক বিদ্যালয়ত বাংলাদেশলৈ গো সৰবৰাহ তথা মাৰণাস্ত্ৰ লগত ৰখাৰ দৰে এটা স্পৰ্শকাতৰ অভিযোগক লৈ শুকুৰবাৰে বিয়লি এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে পূৱ যোৰহাট পশুধন ব্যৱসায়ী সন্থাই।

প্ৰতিবাদী ব্যৱসায়ীসকলে অৱগত কৰা অনুসৰি একাংশ সংবাদ মাধ্যমত বিগত দুদিনমান কাকজান অঞ্চলৰ পৰা অবৈধভাৱে বাংলাদেশলৈ গো সৰবৰাহৰ এক বাতৰি পৰিবেশন হৈ আহিছে।

লগতে পঢ়ক: ফুচকা বিক্ৰী কৰাসকল হিন্দী ভাষী লোক-তামিল মন্ত্ৰীৰ মন্তব্যত বিতৰ্কৰ জোৱাৰ

বৰ্তমানৰ চৰকাৰে বৰ্হিৰাষ্ট্ৰ অথবা ৰাজ্যলৈ গো সৰবৰাহ নিষিদ্ধ কৰাৰ পৰাই অঞ্চলটোৰ পশুধন ব্যৱসায়ীসকলে এনে কাৰ্যৰ পৰা বিৰত হৈ আছে আৰু কেবল মাত্ৰ স্থানীয়ভাৱে এই ব্যৱসায় চলাই আহিছে।

কিন্তু একাংশই তথ্যবিহীনভাৱে কাকজান অঞ্চলৰ পৰা বৰ্হিৰাষ্ট্ৰলৈ গো সৰবৰাহ কৰাৰ অভিযোগ আনি সমগ্ৰ অঞ্চলটোকে হেয় প্ৰতিপন্ন কৰাৰ লগতে চৰকাৰী নীতি উলংঘাকাৰী হিচাপে দাঙি ধৰিব বিচাৰিছে।

এনে কাৰ্যক প্ৰায় তিনি শতাধিক ব্যৱসায়ীৰ লগতে স্থানীয় লোকসকলে একেমুখে গৰিহণা দিয়ে।

লগতে পঢ়ক: একেলগে গৰ্ভৱতী হ’ল একেখন হাস্পাতালৰ প্ৰসূতি বিভাগৰ ১০ গৰাকী নাৰ্চ, এগৰাকী চিকিৎসক

উল্লেখ্য যে সন্থাটোৱে উক্ত প্ৰতিবাদী সভাত তিনিটাকৈ প্ৰস্তাৱ লৈ জিলা উপায়ুক্তলৈ প্ৰেৰণৰো ব্যৱস্থা কৰিছে আৰু ভবিষ্যতে এনে তথ্যহীনভাৱে সংবাদ পৰিবেশন নকৰিবলৈ নিদিৰ্ষ্ট সংবাদগোষ্ঠীৰ কৰ্তৃপক্ষক আহ্বান জনাইছে।

Related News