NORTHEAST NOW (Assamese)

মুখৰ পৰা গোন্ধ ওলোৱাৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ

September 3, 2025 6:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 2, 2025 7:24 pm

বিভিন্ন কাৰণত মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে। ইয়াৰ মুখ্য কাৰণ আৰু প্ৰতিকাৰ তলত দিয়া হৈছে –

মুখৰ পৰা গন্ধ ওলোৱাৰ কাৰণ:

১. মুখৰ পৰিচ্ছন্নতাৰ অভাৱ:  দাঁত আৰু জিভা নিয়মিত পৰিষ্কাৰ নকৰিলে খাদ্যৰ কণা মুখত জমা হৈ বেক্টেৰিয়াৰ সৃষ্টি হয়, যিয়ে গোন্ধৰ সৃষ্টি কৰে।

২. মুখৰ শুকান ভাৱ:  লেলাৱতীৰ অভাৱত মুখ শুকান হৈ বেক্টেৰিয়া বৃদ্ধি পায়, যাৰ ফলত গন্ধ হয়।

৩. খাদ্যৰ অভ্যাস:  পিঁয়াজ, নহৰু, মাংস, মদ্যপান, ধঁপাত খোৱা আদিৰ ফলতো মুখৰ গন্ধ হব পাৰে।

৪. দাঁতৰ সমস্যা: দাঁতৰ ক্ষয়, আলুৰ ৰোগ বা দাঁতৰ ফাঁকত খাদ্য জমা হোৱাৰ ফলত গোন্ধ হয়।

৫. পাচনতন্ত্ৰৰ সমস্যা:  পাকস্থলীৰ সমস্যা যেনে গেষ্ট্ৰাইটিছ বা ৰিফ্লাক্স ৰোগৰ বাবেও মুখৰ গোন্ধ হব পাৰে।

৬. চিকিৎসাজনিত কাৰণ:  ডায়েবেটিছ, কিডনিৰ সমস্যা, বা শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ ফলতো মুখৰ গোন্ধ হব পাৰে।

৭. ধূমপান বা তামোল-পাণ:  ধূমপান বা তামোল খোৱাৰ অভ্যাসে মুখৰ গোন্ধৰ সমস্যা বৃদ্ধি কৰে।

প্ৰতিকাৰ:

১. মুখৰ পৰিচ্ছন্নতা বজাই ৰাখক:

ক) দিনে দুবাৰ ফ্লৰাইডযুক্ত টুথপেষ্টেৰে দাঁত ব্ৰাছ কৰক।

খ) জিভা পৰিষ্কাৰ কৰিবলৈ জিভা ক্লিনাৰ ব্যৱহাৰ কৰক।

গ) দাঁতৰ ফাঁক পৰিষ্কাৰ কৰিবলৈ ডেন্টেল ফ্লছ বা ইণ্টাৰডেন্টেল ব্ৰাছ ব্যৱহাৰ কৰক।

ঘ) এন্টিচেপ্টিক মাউথৱাছ ব্যৱহাৰ কৰক।

২. পানী বেছিকৈ পান কৰক : মুখ শুকান হোৱাৰ পৰা ৰক্ষা কৰিবলৈ পৰ্যাপ্ত পানী পান কৰক। ই লেলাৱতিৰ উৎপাদন বৃদ্ধি কৰে আৰু বেক্টেৰিয়াৰ সৃষ্টি হ্ৰাস কৰে।

৪. খাদ্যাভ্যাসত পৰিৱৰ্তন:

ক) পিঁয়াজ, নহৰুৰ দৰে তীব্ৰ গন্ধযুক্ত খাদ্য কম খাওক।

খ) ফল-মূল আৰু শাক-পাচলি বেছি খাওক, যিয়ে মুখৰ পৰিচ্ছন্নতা বজাই ৰাখে।

গ) চেনীযুক্ত খাদ্য বা পানীয় কম খাওক, কিয়নো ই বেক্টেৰিয়াৰ বৃদ্ধি বঢ়ায়।

৫. ধূমপান আৰু তামোল ত্যাগ কৰক : ধূমপান বা তামোল-পাণৰ অভ্যাস ত্যাগ কৰিলে মুখৰ গন্ধৰ সমস্যা বহুখিনি কমিব।

৬. নিয়মিত দাঁতৰ চিকিৎসকৰ ওচৰলৈ যাওক:

ক) প্ৰতি ৬ মাহৰ মূৰে মূৰে দন্ত চিকিৎসকৰ পৰা পৰীক্ষা কৰাওক।

খ) দাঁতৰ ক্ষয় গ’লে তাৰ চিকিৎসা কৰাওক।

৬. প্ৰাকৃতিক উপায়:

ক) লং, ইলাইচি, বা পদিনা পাত চোবাই মুখৰ গোন্ধ কমাব পাৰে।
খ) নিমপাতৰ পানীৰে মুখ ধুলে বা কুলকুলি কৰিলেও গন্ধ কমে।

৭. চিকিৎসাজনিত সমস্যাৰ বাবে পৰামৰ্শ : যদি পাকস্থলীৰ সমস্যা বা অন্য কোনো চিকিৎসাজনিত কাৰণ সন্দেহ হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

যদি নিয়মিত মুখ পৰিচ্ছন্নতাৰ পিছতো গন্ধৰ সমস্যা থাকে, তেন্তে ই গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হব পাৰে। এনে ক্ষেত্ৰত দন্ত চিকিৎসক বা সাধাৰণ চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।

Related News