উৰিষ্যাৰ বালেশ্বৰ ৰে’ল দুৰ্ঘটনা গোচৰত শনিবাৰে তিনিজন ৰে’ল বিষয়াৰ বিৰুদ্ধে চিবিআইয়ে অভিযোগনামা দাখিল কৰে। ২ জুনত সংঘটিত হোৱা মাৰাত্মক ৰেল দুৰ্ঘটনাৰ পিছত তিনিওজন বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল।
চিবিআইয়ে তেওঁলোকৰ বিৰুদ্ধে অনিচ্ছাকৃত নৃশংস হত্যা আৰু প্ৰমাণ নোহোৱা কৰাৰ অভিযোগ উত্থাপন কৰিছে। ২ জুনত তিনিখন ৰে’ল দুৰ্ঘটনাগ্ৰস্ত হৈছিল।
চৰকাৰী তথ্য অনুসৰি মুঠ ২৯৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২০০ৰো অধিক লোক আহত হৈছিল এই দুৰ্ঘটনাত।
ঘটনাৰ তদন্তৰ অন্তত অনুসৰি যোৱা ৭ জুলাইত চিবিআইয়ে জ্যেষ্ঠ ছেকচন ইঞ্জিনিয়াৰ অৰুণ কুমাৰ মহন্ত, ছেকচন ইঞ্জিনিয়াৰ আমিৰ খান আৰু টেকনিচিয়ান পাপ্পু কুমাৰক গ্ৰেপ্তাৰ কৰিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এই তিনিগৰাকী বিষয়াৰ বিৰুদ্ধে শনিবাৰে অভিযোগনামা দাখিল কৰিছে।
ভুৱনেশ্বৰৰ চিবিআইৰ বিশেষ আদালতত এই গোচৰৰ অভিযোগনামা দাখিল কৰিছে চিবিআইয়ে। অনিচ্ছাকৃত নৃশংস হত্যা আৰু প্ৰমাণ ধ্বংস কৰাৰ উপৰিও ৰে’লৱে আইনৰ ১৫৩ নং ধাৰাতো অভিযোগ উত্থাপন কৰা হৈছে।
অভিযোগনামাত চিবিআইয়ে অভিযোগ কৰিছে যে বাহানাগা বজাৰ ষ্টেচনৰ সমীপৰ ৯৪ নম্বৰ লেভেল ক্ৰছিং গেট মেৰামতিৰ দায়িত্বত আছিল অৰুণ কুমাৰ মহন্ত। কিন্তু, সেই গেটখন মেৰামতি কৰিবলৈ তেওঁ ৭৯ নম্বৰ লেভেল ক্ৰছিং গেটৰ চাৰ্কিট ডায়েগ্ৰাম ব্যৱহাৰ কৰিছিল।
চিবিআইয়ে লগতে কয় যে অনুমোদিত পৰিকল্পনা আৰু নিৰ্দেশনা অনুসৰি চিগনেলিং চিষ্টেম আৰু ইন্টাৰলক চিষ্টেমৰ পৰীক্ষণ, অভাৰহ’লিঙৰ বাবে অভিযুক্তসকল দায়বদ্ধ।