• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘বন্দুকৰ বিৰুদ্ধে যুঁজিছো, নিগনিৰ বিৰুদ্ধে যুঁজিবলৈ ভয় কিহৰ’?— কাক উদ্দেশ্যি মমতাৰ এইপাত শৰ ?

বংগকন্যাক শলঠেকত পেলাই ভতিজাকৰ পৰিয়াললৈ চিবিআইৰ জাননী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2021 7:49 am
mamata-banerjee
317
VIEWS
Share on FacebookShare on Twitter

২৯৪ জনীয়া বিধানসভাৰ নিৰ্বাচনৰ বাবে সাজু হোৱা পশ্চিমবংগত এতিয়া শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত সৃষ্টি হোৱা ৰাজনৈতিক যুদ্ধ খন অতি প্ৰকট হৈ পৰিছে।

নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই ৰাজ খনলৈ নিৰাপত্তা বাহিনীৰ ১২৫ টা কোম্পানী প্ৰেৰণৰ নিৰ্দেশ দিয়াৰ বিষয়টোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে শেহতীয়াকৈ মমতাক শলঠেকত পেলাই চিবিআই-এ জাৰি কৰিছে এখন বিশেষ জাননী।

বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজাক তথা সাংসদ অভিষেক বেনাৰ্জীৰ পত্নী আৰু খুলশালীয়েকলৈ চিবিআই-এ পূৰ্বৰ কয়লা কেলেংকাৰী সম্পৰ্কীয় এটা গোচৰত জাননী প্ৰেৰণ কৰিছে।

চিবিআই-এ ভতিজাকৰ পৰিয়াললৈ এনেদৰে হঠাতে জাননী প্ৰেৰণ কৰাৰ পিছতে কেন্দ্ৰ শাসনাধিষ্ঠিত বিজেপিৰ বিৰুদ্ধে অধিক অগ্নিবৰ্ষী হৈ পৰিছে মমতা।

এই প্ৰসংগত মন্তব্য কৰি মমতাই কয় যে তেওঁ বন্দুকৰ বিৰুদ্ধে বহু যুদ্ধ কৰিছে।

এতিয়া নিগনিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তেওঁ ভয় কৰিব কিয়? ২০২১ৰ বিধানসভা নিৰ্বাচনক এখন ফুটবল খেলৰ সৈতে তুলনা কৰি মমতাই কয় যে সেই খেলত গ’ল ৰক্ষক হ’ব তেওঁ ।

খেলত কোন জিকে কোন হাৰে সেয়া সময়ে প্ৰমাণ কৰিব বুলি মমতাই কয়। কাৰাবাসৰ ভয় দেখুৱাই কোনেও তেওঁক ক্ষান্ত কৰিব নোৱাৰে বুলিও মমতাই স্পষ্ট কৰি দিয়ে।

উল্লেখ্য মমতাৰ ভতিজাক অভিষেক বেনাৰ্জীৰ পত্নী ৰুজিৰা বেনাৰ্জী আৰু খুলশালীয়েক মেনকা গম্ভীৰৰ বিৰুদ্ধে কয়লা কেলেংকাৰী সন্দৰ্ভত চিবিআই-এ জাৰি কৰা জাননীত দুয়োগৰাকী ব্যক্তিকে চিবিআইৰ প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ নিজৰ ঘৰতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

যোৱা বছৰৰ নৱেম্বৰ মাহত চিবিআই-এ কয়লাৰ অবৈধ সৰবৰাহ আৰু কয়লা চুৰিৰ অভিযোগত ইষ্টাৰ্ণ ক’লফিল্ড লিমিটেডৰ সৈতে জৰিত মাঝি ওৰফে লালা,কোম্পানীটোৰ প্ৰবন্ধক অমিত কুমাৰ ধৰ,জয়েশ চন্দ্ৰ ৰায় আদিৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছিল।

উক্ত গোচৰত মমতাৰ ভতিজাক তথা তৃণমূল সাংসদ অভিষেক বেনাৰ্জীৰ পৰিয়ালৰ নামো সাঙোৰ খাই পৰিছিল।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd