• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ঘৰত চিবিআইৰ অভিযান! গ্ৰেপ্তাৰৰ সম্ভাৱনা…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2025 10:15 am
180
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা ৭ বজাত চিবিআইয়ে ছত্তীশগড়ৰ প্ৰাক্তন কংগ্ৰেছ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ঘৰত অভিযান চলায়। চিবিআইৰ তদন্তকাৰীয়ে তেওঁৰ ৰায়পুৰ আৰু ভিলাইৰ ঘৰ পৰিদৰ্শন কৰে।কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ মতে, সুৰা কেলেংকাৰীৰ তদন্তৰ বাবে এই অভিযান চলোৱা হৈছে।

অহা ৮ আৰু ৯ এপ্ৰিলত আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ সৰ্বভাৰতীয় সন্মিলনখনৰ দায়িত্বত থকা বাঘেলে সন্মিলনৰ খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰাৰ দায়িত্বত আছে। তেওঁৰ ঘনিষ্ঠ মহলে এক্স হেণ্ডেলৰ ওপৰত চিবিআইৰ অভিযানৰ বিষয়ে অৱগত কৰি কয় যে এই অভিযান এআইচিচিৰ সন্মিলনত ব্যাঘাত জন্মাবলৈ কৰা হৈছে।

সুৰাৰ গোচৰৰ উপৰিও বাঘেলৰ বিৰুদ্ধে লটাৰী কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। যোৱা বছৰৰ নৱেম্বৰ মাহলৈকে তেওঁ মুখ্যমন্ত্ৰী আছিল। অভিযোগ কৰা হৈছে যে ক্ষমতাত থকাৰ সময়ত তেওঁ নিজৰ চৰকাৰী ক্ষমতা ব্যৱহাৰ কৰি অবৈধভাৱে সুৰাৰ অনুজ্ঞাপত্ৰ বিতৰণ কৰিছিল। বিগত বছৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে সুৰা কেলেংকাৰীক তেওঁৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি জয়লাভ কৰিছিল।

চলিত মাহৰ ১১ তাৰিখে আন এটা তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ গোচৰীয়াই বাঘেলৰ ঘৰত অভিযান চলায়। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা নগদ ৩৩ লাখ টকা উদ্ধাৰ ইডিৰ। ইয়াৰ পূৰ্বে ইডিয়েও বাঘেলৰ পুত্ৰৰ ঘৰত অভিযান চলাইছিল। অবৈধ ধনৰ লেনদেনৰ গোচৰত এই অভিযান চলাইছিল।

ইডিয়ে বিপুল পৰিমাণৰ নগদ ধন জব্দ কৰাৰ পাছত বাঘেলে শস্য বিক্ৰীৰ ধন ঘৰতে ৰখা বুলি দাবী কৰে। সেই সঁহাৰিত ইডি সন্তুষ্ট নাছিল। ইডি আৰু চিবিআইৰ কাৰ্যকলাপৰ ভিত্তিত জানিব পৰা সকলৰ মতে কেইদিনমানৰ ভিতৰতে কেন্দ্ৰীয় সংস্থা দুটাই সুৰা গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিব। তেওঁৰ অনুগামীসকলে আশংকা কৰিছে যে চিবিআইয়ে বাঘেলক গ্ৰেপ্তাৰ কৰিব পাৰে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd