• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুলৱামাত মোডীৰ ভূমিকাক লৈ প্ৰশ্ন কৰা প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ ঘৰত CBI তালাচী!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 22, 2024 12:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰ পুলৱামা কাণ্ডক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি লোৱাৰ পিছতহে তেওঁ চিবিআইৰ জাননী লাভ কৰিছিল। মোদীৰ কাৰ্যকালতে জম্মু-কাশ্মীৰকে ধৰি কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা সত্যপাল মালিকৰ ঘৰত এইবাৰ কেন্দ্ৰীয় সংস্থা চিবিআইয়ে তালাচী অভিযান আৰম্ভ কৰিলে।

বাতৰি অনুসৰি জম্মু-কাশ্মীৰৰ কিৰু জলবিদ্যুৎ প্ৰকল্পত দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ বাবে বৃহস্পতিবাৰে দেশৰ মুঠ ২৯টা স্থানত অভিযান আৰম্ভ কৰা হৈছে।

মোডীৰ কাৰ্যকালত জম্মু-কাশ্মীৰকে ধৰি চাৰিখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা বিজেপি নেতা সত্যপাল মালিকে যোৱা বছৰ এক সাক্ষাৎকাৰত অভিযোগ কৰিছিল যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ ঠিক আগতে পুলৱামাত চি আৰ পি এফৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত ৪০ জন জোৱানৰ মৃত্যু হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই তেওঁক মুখ বন্ধ কৰি ৰাখিবলৈ কৈছিল।

Apply Now

লগতে পঢ়কঃ ভাৰত চৰকাৰৰ নিৰ্দেশ! একাউণ্ট বন্ধ কৰিও বিৰোধিতা মাস্কৰ সংস্থাৰ; ক’লে মত প্ৰকাশৰ স্বাধীনতাৰ কথা

কাৰণ, তেওঁ প্ৰধানমন্ত্ৰীক জনাইছিল যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ গাফিলতি আৰু নিৰাপত্তাৰ সুৰুঙাৰ বাবেই কনভয়ত আক্ৰমণ সংঘটিত হৈছিল।

সত্যপালৰ দাবী যে প্ৰধানমন্ত্ৰীয়ে এইটো বেলেগ বিষয় বুলি কৈ তেওঁ যাতে মুখ বন্ধ কৰি ৰাখে তাৰ ‘নিৰ্দেশনা’ দিছিল। সেই সাক্ষাৎকাৰত সত্যপালে ইংগিত দিছিল যে পুলৱামাত জোৱানৰ মৃত্যুক হয়তো ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে।

উল্লেখ্য যে যোৱা লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই থাকোঁতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ ভোটাৰক কৈছিল- “প্ৰথমবাৰৰ ভোটদাতাসকলক কৈছো আপোনাৰ প্ৰথম ভোটটো হয়তো পুলৱামাৰ শ্বহীদসকলৰ বাবে উৎসৰ্গিত হ’ব পাৰে!”

লগতে পঢ়কঃ মৃত্যু কৃষক-আৰক্ষী কৰ্মীৰ; ২ দিনৰ বাবে স্থগিত কৃষকৰ ‘দিল্লী চলো’ অভিযান

একেটা সাক্ষাৎকাৰতে সত্যপালে অভিযোগ কৰে যে ২০১৮ চনৰ আগষ্টৰ পৰা ২০১৯ চনৰ অক্টোবৰলৈকে জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হিচাপে দুটা ফাইল মুকলি কৰিবলৈ তেওঁক ৩০০ কোটি টকাৰ উৎকোচৰ প্ৰস্তাৱ দিয়া হৈছিল। চিবিআইয়ে দুখন এফআইআৰ পঞ্জীয়ন কৰে। এটা কিৰু জলবিদ্যুৎ প্ৰকল্পৰ সৈতে জড়িত আৰু আনটো ৰিলায়েন্স জেনেৰেল বীমাৰ সৈতে জড়িত। সেই অভিযোগৰ বাবেই চিবিআইয়েও যোৱা বছৰ তেওঁক জেৰা কৰিছিল। যদিও তেওঁ ‘অভিযুক্ত’ হয়নে নে নহয় সেই বিষয়ে কেন্দ্ৰীয় সংস্থাটোৱে একো কোৱা নাই।

উল্লেখ্য যে  ২০১৯ চনত এটা ব্যক্তিগত কোম্পানীক ‘কিৰু জল বৈদ্যুতিক শক্তি প্ৰকল্প’ (HEP) নিৰ্মাণৰ বাবে ২,২০০ কোটি টকাৰ আৱন্টন দিয়া হৈছিল। সেই প্ৰক্ৰিয়াত কোনো ধৰণৰ দুৰ্নীতি হৈছিল নেকি তদন্ত কৰি আছে চি বি আইয়ে।

লগতে পঢ়কঃ আইন উলংঘা কৰি গুজৰাটলৈ নিয়া হৈছে ত্ৰিপুৰাৰ হাতী; বিতৰ্কত আম্বানীৰ এন জি অ’

ইতিমধ্যে চিবিআইয়ে ‘চেনাব ভেলী পাৱাৰ প্ৰজেক্টছ (পি) লিমিটেড’ৰ প্ৰাক্তন অধ্যক্ষ নবীন কুমাৰ চৌধুৰী আৰু এম এছ বাবু, এম কে মিট্টাল, অৰুণ কুমাৰ মিশ্ৰৰ দৰে প্ৰাক্তন বিষয়া আৰু আৱন্টন লাভ কৰা কোম্পানী পেটেল ইঞ্জিনিয়াৰিং লিমিটেডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd