• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলিত বছৰত কেন্দ্ৰীয় টেট কেতিয়া? আবেদনৰ সময়সীমা কিমান দিন? জনালে চিবিএছইয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2026 8:53 am
80
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (চিবিএছই) এইবাৰৰ কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষা (চি-টেট)ৰ অধিসূচনা প্ৰকাশ কৰিছে। ছেপ্টেম্বৰ মাহত সমগ্ৰ দেশতে আয়োজন কৰা হ’ব এই পৰীক্ষা। মঙলবাৰৰ পৰা (১২ মে) পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে নিৰ্দিষ্ট ৱেবছাইটত গৈ পঞ্জীয়ন কৰিব পাৰিব।

চিবিএছইয়ে এইবাৰ চি-টেটৰ ২২ সংখ্যক সংস্কৰণৰ আয়োজন কৰিব। অহা ৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাৰ আয়োজন কৰা হ’ব দেশৰ ১৩২খন চহৰৰ নিৰ্বাচিত পৰীক্ষা কেন্দ্ৰত। সেইদিনা চি-টেটৰ প্ৰথম আৰু দ্বিতীয় পেপাৰ অনুষ্ঠিত হ’ব। প্ৰাৰ্থীসকলে এইবাৰ ২৭টা ভাষাত চি-টেট দিব পাৰিব। অক্টোবৰৰ শেষ সপ্তাহত পৰীক্ষাৰ সম্ভাৱ্য ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে।

Apply Now

কেনেকৈ পঞ্জীয়ন কৰিব?

১/ প্ৰাৰ্থীসকলে প্ৰথমে ctet.nic.in বা cbse.gov.in ৱেবছাইটলৈ যাব লাগিব।

২) তাত ‘Apply Online’ লিংকত ক্লিক কৰক।

৩) লিংকটোত ক্লিক কৰাৰ পিছত সকলো তথ্যৰে আৱেদন প্ৰ-পত্ৰ সঠিকভাৱে পূৰণ কৰিব লাগিব।

৪) ইয়াৰ লগতে প্ৰাৰ্থীৰ ফটো আৰু স্বাক্ষৰও ৱেবছাইটত আপলোড কৰিব লাগিব।

৫) পৰৱৰ্তী ঢাপত পৰীক্ষাৰ বাবে আবেদন মাচুল জমা দিব লাগিব।

৬) আবেদন মাচুল জমা দিয়াৰ পিছত ‘কনফাৰ্মেশ্যন পেজ’টো ডাউনলোড কৰি প্ৰিন্ট কৰি নিজৰ লগত ৰাখিব লাগিব।

মন কৰিবলগীয়া যে প্ৰথম আৰু দ্বিতীয় পেপাৰৰ এটা বা দুয়োটা পেপাৰৰ বাবে প্ৰাৰ্থীসকলে পৰীক্ষা দিব পাৰে। এটা পেপাৰৰ বাবে সংৰক্ষিত প্ৰাৰ্থীৰ আবেদন মাচুল ৫০ টকা। অসংৰক্ষিত প্ৰাৰ্থীয়ে ১০০০ টকা জমা দিব লাগিব। দুয়োখন পেপাৰৰ বাবে সংৰক্ষিত প্ৰাৰ্থীয়ে ৬০০ টকা আৰু অসংৰক্ষিত প্ৰাৰ্থীয়ে ১২০০ টকা জমা দিব লাগিব। আৱেদন জমা দিয়াৰ অন্তিম তাৰিখ ১০ জুন। আৱেদন প্ৰ-পত্ৰত ভুল হ’লে ১৫ৰ পৰা ১৮ জুনৰ ভিতৰত শুধৰণি কৰিব পাৰিব। অৱশ্যে শুধৰণিৰ সুযোগ এবাৰহে দিয়া হ’ব।

পৰীক্ষাৰ্থীসকলে নিজৰ পছন্দৰ পৰীক্ষা কেন্দ্ৰ বাছি লোৱাৰ সুযোগ নাপাব বুলি ব’ৰ্ডে অৱগত কৰিছে। য’ত ব’ৰ্ডে আসন আবণ্টন দিব মহানগৰীৰ সেই কেন্দ্ৰটোলৈকে যাব লাগিব।

উল্লেখ্য যে, মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিদ্যালয়ত পাঠদানৰ বাবে চি-টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে প্ৰাথমিক পৰ্যায়ত শিক্ষকতা কৰিব বিচৰাসকলে প্ৰথম পেপাৰত উত্তীৰ্ণ হ’ব লাগিব।

যিসকলে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অৰ্থাৎ উচ্চ প্ৰাথমিক পৰ্যায়লৈ পঢ়ুৱাব বিচাৰে তেওঁলোকে দ্বিতীয় পেপাৰত উত্তীৰ্ণ হ’ব লাগিব। আৰু কোনোবাই যদি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাব বিচাৰে তেন্তে দুয়োখন পেপাৰ পাছ কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd