NORTHEAST NOW (Assamese)

চি বি এছ ইৰ দশম, দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ দিন ঠিক হোৱা নাই

July 9, 2020 5:48 pm · এন ই নাও নিউজ

চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ দিন ঠিক হোৱা নাই।

দ্বাদশ আৰু দশম মানৰ ফলাফল ক্ৰমে ১১ আৰু ১৩ জুলাইত ঘোষণা কৰা হ’ব বুলি বাতৰি প্ৰকাশিত হৈছিল।

কিন্তু পিছত বাতৰিটো অসত্য প্ৰমাণিত হয়।

চি বি এছ ইৰ জনসম্পৰ্কৰক্ষী বিষয়া ৰামা শৰ্মাই সাংবাদিকক জনাই যে পৰীক্ষাকেইটাৰ ফলাফলৰ দিন সন্দৰ্ভত চ’চিয়েল মিডিয়াত চলি থকা জাননীখন ভুৱা।

চি বি এছ ইয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ বাকী থকা পৰীক্ষাসমূহ ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বাতিল কৰিছিল।

১ আৰু ১৫ জুলাইৰ মাজত সেই পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ কথা আছিল।

চি বি এছ ইয়ে পূৰ্বে ঘোষণা কৰিছিল যে দুয়োটা পৰীক্ষাৰ ফলাফল ১৫ জুলাইৰ ভিতৰত ঘোষিত হ’ব।

Related News