• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Bipin Rawat died হেলিকপ্তাৰ দুৰ্ঘটনাত পত্নীসহ নিহত চীফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱাট

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 8, 2021 6:10 pm
778
VIEWS
Share on FacebookShare on Twitter

অৱশেষত আহিল বেয়া খবৰটো।

এক ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনাত নিহত হৈছে ভাৰতৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী বিপিন ৰাৱাট।

এই ভয়ংকৰ দুৰ্ঘটনাটোত বিপিন ৰাৱাটৰ পত্নী মধুলিকা ৰাৱাটৰো মৃত্যু ঘটিছে।

দুৰ্ঘটনাটোত ১৪ গৰাকী লোকৰে মৃত্যু হোৱাৰ তথ্য নিশ্চিত কৰা হৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বায়ু সেনা বাহিনীয়ে  দিয়া বিবৃতিত বিপিন ৰাৱাটৰ লগতে আন লোক কেইগৰাকীৰ হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰ নিশ্চিত কৰে।

উল্লেখ্য আজি দুপৰীয়া এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী বিপিন ৰাৱাট উঠি যোৱা হেলিকপ্তাৰ খন।

বিপিন ৰাৱাটে তেওঁৰ পৰিয়ালৰ সদস্যৰ লগতে আন কেইবাজনো লোকৰ সৈতে হেলিকপ্তাৰ খনৰে ছুলুৰৰ পৰা যাত্ৰা কৰি থকাৰ সময়তে তামিলনাডুৰ কুনুৰত হেলিকপ্তাৰ খন দুৰ্ঘটনাত পতিত হয়।

এই ঘটনাত ১৪ জন লোকৰ মৃত্যু ঘটাৰ কথা নিশ্চিত কৰা হৈছে। জানিব পৰা মতে হেলিকপ্তাৰ খনত মুঠ ১৪ গৰাকী লোক আছিল।

With deep regret, it has now been ascertained that Gen Bipin Rawat, Mrs Madhulika Rawat and 11 other persons on board have died in the unfortunate accident.

— Indian Air Force (@IAF_MCC) December 8, 2021


দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে উদ্ধাৰ অভিযান চলাই তিনি জন লোকক আহত অৱস্থাত উদ্ধাৰ কৰিব পৰা গৈছিল যদিও তেওঁলোকৰ মৃত্যু ঘটে। দুৰ্টনাটোত বিপিন ৰাৱাটৰ পত্নীৰো মৃত্যু ঘটে।

তেওঁলোকক নীলগিৰিৰ ৱেলিংটন কেণ্টনমেণ্টৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ভাৰতীয় বাযু সেনা বাহিনীৰ এম আই চিৰিজৰ হেলিকপ্তাৰ খন আজি দিনৰ ১২ বাজি ১০ মিনিটত কোম্বাইটৰ আৰু আৰু ছুলুৰৰ মাজৰ কুনুৰত দুৰ্ঘটনাত পতিত হয় ।

দুৰ্ঘটনাৰ ফলত হেলিকপ্তাৰ খন খণ্ড-বিখণ্ড হৈ পৰাৰ লগতে জুইত জাহ যায়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটো জুই আৰু ধোঁৱাই আৱৰি ধৰে।

আজি এক হেলিকপ্তাৰ দুৰ্ঘটনাত নিহত বিপিন ৰাৱাটৰ জন্ম হৈছিল ১৯৫৮ চনৰ ১৬ মাৰ্চৰ দিনা, উত্তৰাখণ্ডৰ পাউৰিত।

Deeply anguished by the sudden demise of Chief of Defence Staff Gen Bipin Rawat, his wife and 11 other Armed Forces personnel in an extremely unfortunate helicopter accident today in Tamil Nadu.

His untimely death is an irreparable loss to our Armed Forces and the country.

— Rajnath Singh (@rajnathsingh) December 8, 2021

২০১৯ চনৰ ৩০ ডিচেম্বৰৰ দিনা তেওঁক চীফ অব ডিফেন্স ষ্টাফ হিচাবে নিযুক্তি দিয়া হৈছিল।

ইয়াৰ পূৰ্বে তেওঁ চীফ অব ষ্টাফ কমিটিৰ ৫৭ সংখ্যক তথা অন্তিমগৰাকী অধ্যক্ষ হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।ইয়াৰ উপৰি তেওঁ ভাৰতীয় সেনা বাহিনীৰ ২৬ সংখ্যক মুৰব্বী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।

গাৰোৱালি হিন্দু ৰাজপুত পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাৱাটৰ বংশৰ প্ৰায় সংখ্যক লোকেই ভাৰতীয় সেনাত সেৱা আগবঢ়াইছিল। বিপিন ৰাৱাটৰ পিতৃ লক্ষ্মণ সিং ৰাৱাট ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল আছিল।

ডেৰাডুনৰ কেম্ব্ৰিয়ান হল স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰা বিপিন ৰাৱাটে ছিমলাৰ ছেইণ্ট এডৱাৰ্ড স্কুলত শিক্ষা লাভ কৰিবলৈ গৈছিল আৰু তাৰ পিছতে তেওঁ নেছনেল ডিফেন্স একাডেমী, খাদাকৱাছলাত যোগদান কৰিছিল। ইয়াৰ লগতে তেওঁ ডেৰাডুনৰ ইণ্ডিয়ান মিলিটাৰী একাডেমীত যোগ দিছিল।

তাতেই তেওঁক ছৰ্ড অব অনাৰ সন্মানেৰে সন্মানিত কৰা হৈছিল। ৱেলিংটনৰ ডিফেন্স চাৰ্ভিছেছ ষ্টাফ কলেজৰ পৰা ৰাৱাটে স্নাতক ডিগ্ৰীও গ্ৰহণ কৰিছিল। আমেৰিকাৰ কামছাছৰ জেনেৰেল ষ্টাফ কলেজৰ পৰাও তেওঁ সামৰিক বিষয়ত শিক্ষা গ্ৰহণ কৰিছিল।

তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ ষ্টাডিজত ডিগ্ৰী গ্ৰহণ কৰিছিল। ২০১১ চনত তেওঁক মীৰাটৰ চৌধুৰী চৰণ সিং বিশ্ব বিদ্যালয়ে ডক্টৰটে অব ফিল’ছফী আগবঢ়াইছিল। সামৰিক বিষয়ৰ গৱেষণাৰ বাবে তেওঁক এই সন্মান আগবঢ়োৱা হৈছিল।

১৯৭৮ চনৰ ১৬ ডিচেম্বৰৰ দিনা বিপিন ৰাৱাটে ১১ গোৰ্খা ৰাইফলছত যোগদান কৰিছিল। অতি উচ্চতাত যুদ্ধ কৰাৰ বিষয়ত তেওঁ এগৰাকী পাৰ্গত বিষয়া আছিল। সন্ত্ৰাসবাদ নিমূল অভিযানৰো তেওঁ প্ৰায় এটা দশক ধৰি নেতৃত্ব দিছিল।
কাশ্মীৰত সন্ত্ৰাসবাদ নিৰ্মূল অভিযানত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। সেনাৰ এগৰাকী মেজৰ হিচাবে তেওঁ কাশ্মীৰত কাৰ্যনিৰ্বাহ কৰিছিল।

পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ২০১৬ চনত চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ গুৰি ধৰিছিল বিপিন ৰাৱাটে।

২০১৬ চনৰ ১৭ ডিচেম্বৰৰ দিনা তেওঁক চীফ অব দ্য আৰ্মী ষ্টাফ হিচাবে নিযুক্তি দিয়া হৈছিল। লাডাখত চীনৰ সৈতে ভাৰতৰ হোৱা সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত তেওঁ সুদূৰ প্ৰসাৰী ভূমিকা গ্ৰহণ কৰি আহিছিল। মধুলিকা ৰাৱাটক তেওঁ জীৱন সংগী হিচাবে গ্ৰহণ কৰিছিল। ৰাৱাটৰ দুগৰাকী কন্যাও আছে।

জীৱন কালত ৰাৱাটে লাভ কৰিছিল বহু কেইটা সন্মান। সেইবোৰৰ ভিতৰত অন্যতম সন্মান তথা পদক আদি হৈছে—
পৰম বিশিষ্ট সেৱা মেডেল, উত্তম যুদ্ধ সেৱা মেডেল,অতি বিশিষ্ট সেৱা মেডেল, যুদ্ধ সেৱা মেডেল,সেনা মেডেল, সামান্য সেৱা মেডেল, অপাৰেছন পৰাক্ৰম মেডেল,বিদেশ সেৱা মেডেল আদি।

ৰাৱাটৰ মৃত্যুত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে দেশ-বিদেশৰ সামৰিক তথা ৰাজনৈতিক ক্ষেত্ৰৰ বহু লোকে গভীৰ শোক ব্যক্ত কৰিছে।

 

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd