• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ দুটা বিত্তীয় বৰ্ষত কেন্দ্ৰই আগবঢ়োৱা বিশেষ পেকেজ অতি নগন্য 

সাংসদ ৰিপুন বৰাৰ প্ৰশ্ন উত্তৰত স্পষ্ট ৰূপত প্ৰকাশ পালে বিস্ফোৰক তথ্য

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 19, 2019 6:49 pm

2 min read

assam_tea-680x365

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

231
VIEWS
Share on FacebookShare on Twitter

অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকললৈ সাহায্যৰ নামত কেন্দ্ৰীয় চৰকাৰে দুটাকৈ বিত্তীয় বৰ্ষত সামান্য পৰিমাণৰ পুঁজিহে অনুমোদন জনাইছে। শুকুৰবাৰে ৰাজ্যসভাৰ মজিয়াত ৰিপুন বৰাৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য ৰাজ্যিক মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ বক্তব্যত প্ৰকাশ পাইছে এই তথ্য।

অসমৰ ক্ষুদ্র চাহ খেতিয়ক সকলৰ সাহায্যৰ বাবে কেন্দ্রই বিশেষ পেকেজৰ ব্যৱস্থা গ্ৰহণ কৰিছে নেকি বুলি সাংসদ ৰিপুন বৰাই প্ৰশ্ন কৰিছিল।

বৰাৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ বাবে দুটা বিত্তীয় বৰ্ষৰ ২০১৭-১৮ ত ১১৩.২৪ লাখ টকা আৰু ২০১৮-১৯ বৰ্ষত ১৮.৭৫ লাখ টকাৰ বিশেষ পেকেজ ঘোষণা কৰা বুলি মন্তব্য কৰে।

ইয়াৰ বিপৰীতে, কেৰেলাৰ ইড্ডুকি জিলাৰ বাবে ২০১৭-১৮ বৰ্ষত ৩২৪.৩৪ লাখ আৰু ২০১৮-১৯ বৰ্ষত ৩৭.৩২ লাখ টকাৰ বিশেষ পেকেজ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

লগতে, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বাবে কেন্দ্ৰই ২০১৭-১৮ বৰ্ষত অনুমোদন দিছিল ৪৯.১৩ লাখ আৰু ২০১৮-১৯ বৰ্ষত ৮৯.৪৬ লাখ টকা।

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য ৰাজ্যিক মন্ত্ৰীগৰাকীৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে ২০১৭-১৮ বৰ্ষত মুঠ ৪৮৬.৭১ লাখ টকা আৰু ২০১৮-১৯ বৰ্ষত ১৪৫.৫৩ লাখ টকা ইতিমধ্যে অনুমোদন দিছে বুলি প্ৰকাশ পায়।

ইয়াৰদ্বাৰা এটা কথা স্পষ্ট হৈছে যে ক্ষুদ্র চাহ খেতিয়ক সকলৰ সমস্যা সমাধানৰ বাবে কেন্দ্র চৰকাৰে কোনোধৰণৰ বিশেষ পদক্ষেপ গ্রহণ কৰা নাই।

এই সন্দৰ্ভত আজি সংসদৰ মজিয়াত সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় ‘অসমত হাজাৰ-হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে। এনে পৰিপ্ৰেক্ষিতত উত্তৰ-পূবৰ ৭ খন ৰাজ্যৰ বাবে প্ৰদান কৰা বিশেষ পেকেজ অতি নগন্য।‘

বৰাই লগতে এই বিশেষ পেকেজৰ ধনৰ পৰিমাণ বৃদ্ধি কৰিবৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়।

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd