NORTHEAST NOW (Assamese)

জনসাধাৰণৰ অংশগ্ৰহণ অবিহনে পুৰী ৰথ যাত্ৰাৰ অনুমতি দিয়ক; উচ্চতম ন্যায়ালয়লৈ কেন্দ্ৰৰ আহ্বান

June 22, 2020 4:05 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পুৰীৰ প্ৰভু জগন্নাথ ৰথ যাত্ৰা চলিত বৰ্ষত জনসাধাৰণৰ অংশগ্ৰহণ অবিহনে অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ বাবে কেন্দ্ৰ চৰকাৰে সোমবাৰে উচ্চতম ন্যায়ালয়ক আহ্বান জনায়।

”এয়া কোটি কোটি জনসাধাৰণৰ বিশ্বাসৰ বিষয়। যদিহে প্ৰভু জগন্নাথ কাইলৈ অলাই আহিব নোৱাৰে তেন্তে তেওঁ ১২ বছৰৰ বাবে পৰম্পৰা অনুসৰি ওলাই আহিব নোৱাৰিব,” কেন্দ্ৰ চৰকাৰে কয়।

ৰথ যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত এদিনৰ বাবে কাৰ্ফিউ ঘোষণা কৰিব পাৰে বুলিও কেন্দ্ৰই লগতে কয়।

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষত ক’ৰ’না ভাইৰাচৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশাৰ পুৰীৰ ঐতিহাসিক ৰথ যাত্ৰা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ দিছিল।

প্ৰভু জগন্নাথৰ লক্ষ্য হ’ল মানৱ কল্যাণ সেয়ে চলিত বৰ্ষত ৰথ যাত্ৰা কৰিবলৈ অনুমতি দিলে প্ৰভু জগন্নাথে ক্ষমা নকৰিব বুলিও উচ্চতম ন্যায়ালে কৈছিল।

Related News