• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বজাৰত পিয়াঁজ-আলুৰ জুই-ছাই দাম : মূল্য হ্ৰাস কৰিবলৈ কেন্দ্ৰই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ, পিছে কি কি এই পদক্ষেপ?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2020 4:47 pm
Onion-Potato
3k
VIEWS
Share on FacebookShare on Twitter

বজাৰত পিয়াঁজ-আলুৰ লগতে শাক পাচলিৰ মূল্যবৃদ্ধিয়ে জনতাক কোঙা কৰি পেলাইছে।

লকডাউনৰ পিছত নিম্ন আয় আৰু মধ্যবিত্তসকলৰ জীৱন জীৱিকাৰ ওপৰত এই মূল্যবৃদ্ধিয়ে পুনৰ মোক্ষম আঘাত দিয়া পৰিলক্ষিত হৈছে।

তেনে সময়তে কেন্দ্ৰ চৰকাৰে পিয়াজ-আলুৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণ আৰু হ্ৰাস কৰিবলৈ বিশেষ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে।

শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলে সংবাদ মেল সম্বোধন কৰি কয় যে বিদেশৰ পৰা আমদানি কৰি অনা পিয়াঁজ বাফাৰ ষ্টকৰ পৰা ৰাজ্যসমূহলৈ সৰবৰাহ কৰা হ’ব।

“ইতিমধ্যে বেচৰকাৰী সংস্থাসমূহৰ উদ্যোগত সাত হাজাৰ টন পিয়াঁজ আমদানি কৰা হৈছে। দেৱালীৰ পূৰ্বে আৰু পাঁচ হাজাৰ টন পিয়াঁজ আমদানি কৰা হ’ব। ৰাজ্যসমূহক বাফাৰ ষ্টকৰ পৰা পিয়াঁজ যোগান ধৰা হ’ব।” কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়।

কৃষাণ ৰেইলৰ যোগে ৰাজ্যসমূহলৈ পিয়াঁজ প্ৰেৰণ কৰা হ’ব বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে কয়।

অৱশ্যে ৰাজ্যসমূহক কিমান পৰিমাণকৈ পিয়াঁজ বিতৰণৰ কৰিব কেন্দ্ৰ চৰকাৰে তাৰ সীমা নিৰ্দিষ্ট কৰিব বুলিও তেওঁ জনায়।

“বজাৰত নতুন পিয়াজ আহিলেই পিয়াঁজৰ দাম কমিব।” কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলৰ দাবী।

ইফালে অত্যাৱশ্যকীয় পণ্য সামগ্ৰী আলুৰ দাম নিয়ন্ত্ৰণৰ বাবেও কেন্দ্ৰই বিশেষ পদক্ষেপ লোৱা বুলি মন্ত্ৰী গৰাকীয়ে সংবাদ মেলত অৱগত কৰে।

“বৰ্তমান আলুৰ দাম ৪২ টকা। চৰকাৰে আলুৰ আমদানি কৰাৰ ব্যৱস্থাও কৰিছে। কিছু দিনৰ পিছতে ৩০ হাজাৰ টন আলু ভূটানৰ পৰা আহি পাবহি। আলুৰ দাম নিয়ন্ত্ৰণৰ বাবে প্ৰায় ১০ লাখ টন আলু আমদানি কৰা হ’ব।” মন্ত্ৰী গৰাকীয়ে কয়।

উল্লেখ্য যে কেন্দ্ৰই ‘অত্যাৱশকীয় পণ্য আইন’ সংশোধন কৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ তালিকাৰ পৰা আলু, পিয়াজ, চাউল, ডাইল, তেল আদি বাদ দিছে।

ইয়াৰ পিছৰে পৰা দেশত আলু আৰু পিয়াঁজৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পোৱা বুলি বিৰোধীয়ে দাবী কৰিছে।

আনহাতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দাবী কৰাৰ দৰে সঁচাই পিয়াঁজ-আলুৰ দাম হ্ৰাস হ’ব নে নাই সেয়া লক্ষণীয় হ’ব।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd