কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰালয়ে ভাৰত আৰু শ্ৰীলংকাৰ মাজত নতুন ফেৰী সেৱা আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে। শ্ৰীলংকাৰ জাহাজ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী অনুৰা কৰুণাথিলাকাই এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। মুম্বাইত অনুষ্ঠিত মেৰিটাইম উইক ২০২৫ উদযাপনৰ সময়ত দুয়োখন দেশৰ মন্ত্ৰীৰ মাজত হৈছে এই আলোচনা।
ক’ৰ পৰা আৰু কিমান দূৰলৈ চলিব এই ফেৰী সেৱা? চৰকাৰী সূত্ৰৰ মতে, ৰামেশ্বৰম আৰু তালাইমন্নাৰৰ মাজত এই ফেৰী সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।
ভাৰতৰ জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰালয়ে দুয়োখন দেশৰ মন্ত্ৰীসকলৰ মাজত হোৱা আলোচনা সন্দৰ্ভত এটা এক্স পোষ্টত কয় যে যদি এই নতুন সেৱা পথ মুকলি কৰা হয় তেন্তে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক উন্নত হ’ব। ইয়াৰ উপৰিও দুয়োখন দেশৰ জনসাধাৰণেও লাভৱান হ’ব। প্ৰসংগক্ৰমে বৰ্তমান নাগাপট্টিনাম আৰু কংকেসন্থুৰাইৰ মাজত ফেৰী সেৱা চলি আছে।
মুম্বাইত মেৰিটাইম অনুষ্ঠানত ভাষণ দি সৰ্বানন্দ সোণোৱালে কয় যে দেশৰ ‘উন্নত ভাৰত’ৰ সপোন পূৰণৰ ক্ষেত্ৰত দেশৰ সামুদ্ৰিক খণ্ডৰ অৱদান অনস্বীকাৰ্য। দুয়োখন দেশৰ মাজত নতুন ফেৰী সেৱা আৰম্ভ হ’লে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্ক উন্নত হ’ব বুলি আশা কৰা হৈছে।





