বিভ্ৰান্তিকৰ! বিজ্ঞাপনত কেবল সফলতা লাভৰ ছবি; IAS কোচিং চেন্টাৰক ৩ লাখ টকা জৰিমনা

ফাইল ফটোঃ সংগ্ৰহীত।

চেন্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিয়ে মালুকা আই এ এছ কোচিং ইনষ্টিটিউটক ৩ লাখ টকা জৰিমনা বিহিছে। UPSC Civil Services Exam 2022 ৰ আগেয়ে তেওঁলোকে বিজ্ঞাপন দিছিল। এই প্ৰতিষ্ঠানত পঢ়া-শুনা কৰিলে সফলতা লাভ কৰিবই বুলি তাত উল্লেখ কৰা হৈছিল।

এই বিশেষ পদ্ধতিটো মূলতঃ ছাত্ৰ-ছাত্ৰীসকলক প্ৰলোভিত কৰিবলৈ লোৱা হৈছিল। তাৰ বাবেই সংশ্লিষ্ট নিৰীক্ষণ সংস্থাটোৱে এই বিষয়ে অনুসন্ধান কৰে। তাৰ পিছতে এইদৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

প্ৰতিষ্ঠানটোৱে দাবী কৰিছিল যে তেওঁলোকৰ কমেও ১২০ জন ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ প্ৰতিষ্ঠানত অধ্যয়ন কৰি বিৰাট সফলতা লাভ কৰিছে। এনে বিজ্ঞাপনৰ বাবে ছাত্ৰ-ছাত্ৰী বিপদত পৰিব পাৰে বুলি নিশ্চিত কৰিছে চেন্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিয়ে। সেইবাবেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এনে ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন আৰু যাতে দিয়া নহয় তাৰ বাবে সকীয়াই দিয়া হৈছে।

লগতে পঢ়কঃ আজি আকাশত একে শাৰীতে অৱস্থান কৰিব ছটা গ্ৰহ! ক’ৰ পৰা দেখা যাব এই বিৰল মহাজাগতিক দৃশ্য?

গ্ৰাহক সুৰক্ষা আইন ২০১৯ৰ অধীনত জৰিমনা বিহা হৈছে প্ৰতিষ্ঠানটোক। চেন্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিৰ মুখ্য আয়ুক্ত নিধি খাৰেই কয় যে চিচিপিএ-ই জানিব পাৰিছে যে প্ৰতিষ্ঠানটোৰ ফালৰ পৰা বিভিন্ন বিজ্ঞাপন দিয়া হৈছিল। মূলতঃ পাঠ্যক্ৰমটোৰ বিষয়ে এটা বিজ্ঞাপন আছিল যদিও তাত ব্যৱহাৰ কৰা ছবিখনত তেওঁলোকে কেনেধৰণৰ পাঠ্যক্ৰম লৈছে সেই কথা উল্লেখ কৰা হোৱা নাছিল।

ইপিনে, চিচিপিএৰ তৰফৰ পৰা এখন জাননী জাৰি কৰা হৈছিল। সেই জাননীৰ প্ৰতি সঁহাৰি জনাই মালুকা আই এ এছে ১৩৬ গৰাকী সফল প্ৰাৰ্থীৰ নাম উল্লেখ কৰে। কিন্তু দেখা যায় যে তেওঁলোকৰ পৰা মাত্ৰ দুজনেহে ধনৰ বিনিময়ত তেওঁলোকৰ পৰা পাঠ্যক্ৰমৰ সামগ্ৰী ক্ৰয় কৰি অধ্যয়ন কৰিছিল। বাকীসকলে কেৱল বিনামূলীয়া ইন্টাৰভিউ গাইডেন্স পাঠ্যক্ৰমটোহে কৰিছিল। এইটো একেবাৰে বিনামূলীয়া। কোম্পানীটোৱে তেওঁলোকৰ ছবিও ছপা কৰি ব্যৱসায় কৰিছিল। সেয়েহে গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

এই সফলতাৰ আঁৰৰ প্ৰকৃত কাৰণ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা নাই বুলি গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই জনাইছে। বিজ্ঞাপনত পাঠ্যক্ৰমটোৰ বিষয়ে তথা ছপা কৰা ছবিবোৰে প্ৰকৃত কথাবোৰ বুজাব পৰা নাছিল। এইদৰেই তেওঁলোকে গ্ৰাহকক বিপথে পৰিচালিত কৰে বুলি অভিযোগ উঠিছে।

লগতে পঢ়কঃ নিৰ্বাচন শেষ, আৰম্ভ মূল্যবৃদ্ধিৰ খেল! মাজনিশাৰ পৰাই ৫ শতাংশ টোল টেক্স বৃদ্ধি NHAIৰ

উল্লেখ্য যে বিজ্ঞাপনৰ প্ৰলোভনত পৰিয়েই বহুতে বিভিন্ন পাঠ্যক্ৰম গ্ৰহণ কৰে। বিভিন্ন চাকৰিৰ বাবে পাঠ্যক্ৰম কৰে। অৱশ্যে বিজ্ঞাপনৰ জৰিয়তে এনেধৰণৰ পাঠ্যক্ৰম কৰাৰ বাবে প্ৰলোভন দেখুওৱা হয়। কিন্তু আচলতে ই কিমান কামত আহে সেইটো বুজা নাযায়, বিজ্ঞাপনত প্ৰায়ে সুৰুঙা থাকি যায়।