• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোপনে চলিছে অগপৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি; নহয় নেতৃত্বৰ সাল-সলনি

কেতিয়া অনুষ্ঠিত হ’ব অগপৰ কেন্দ্ৰীয় অধিৱেশন?

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 14, 2020 3:51 pm

2 min read

agp
490
VIEWS
Share on FacebookShare on Twitter

গোপনে চলিছে অসম গণ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি। অহা ২৭ আগষ্টত আমবাৰীৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হ’ব এই অধিৱেশন।

অধিৱেশনলৈ মাজত মাথো ১৩ টা দিন বাকী, তথাপি আনুষ্ঠানিকতা ৰক্ষা কৰি সংবাদ মাধ্যম অথবা সামাজিক মাধ্যমৰ জৰিয়তেও এই কথা প্ৰচাৰ চলোৱা নাই।

ভয় খাই গোপনে অধিৱেশনৰ চলোৱা বুলিও বিভিন্নজনে এইক্ষেত্ৰত সমালোচনা কৰিছে।

কিন্তু এই সম্পৰ্কে বিশেষ সূত্ৰৰ পৰা জানিব পাৰি আমি যোগাযোগ কৰিছিলো অগপৰ সাধাৰণ সম্পাদক কমলা কলিতাৰ লগত। কলিতাই এই কথা স্বীকাৰ কৰাৰ লগতে প্ৰস্তুতি সম্পৰ্কে আংশিকভাৱে অৱগত কৰে।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কমলা কলিতাই কয় ‘মোটামুটি প্ৰস্তুতি আগবাঢ়িছে। ডেলিগেট বিলাকৰ নাম পঞ্জীয়ন কৰি থকা হৈছে।‘

ইপিনে, এই অধিৱেশনত নেতৃত্বৰ সলনি হ’ব নেকি বুলি সোধাত তেওঁ নহয় বুলি সদৰী কৰে।

তেওঁ কয় ‘নাই নাই এতিয়াই নেতৃত্ব সলনিৰ কথা অহা নাই। এতিয়ালৈকে নেতৃত্ব সলনিৰ প্ৰয়োজনো বোধ কৰা নাই।‘

সংবিধান অনুসৰি সাধাৰণ পৰিষদৰ সকলো সদস্যকে নিমন্ত্ৰণ জনোৱা হ’ব বুলি তেওঁ জনায়।

ইপিনে, গোপনে এই অধিৱেশনৰ প্ৰস্তুতি চলোৱা হৈছে বুলি উঠা অভিযোগ সন্দৰ্ভত সোধাত কলিতাই কয় ‘নাই নাই জনোৱা হৈছে। প্ৰস্তুতিটো আৰম্ভ কৰা হৈছে। কোভিদৰ বাবে যথেষ্ট অসুবিধাৰ মাজৰে আগবাঢ়িবলগীয়া হৈছে।‘

ইপিনে, বিভিন্ন সময়ত দলীয় নেতৃত্বৰ বিৰুদ্ধে সৰব হৈ থকা দুগৰাকী জ্যেষ্ঠ নেতা তথা বিধায়কক সোধাত তেওঁলোকে বৰ্তমানলৈকে অধিৱেশনৰ নিমন্ত্ৰণ লাভ কৰা নাই বুলি জনায়। তেওঁলোক হৈছে ক্ৰমে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবীন্দ্ৰ ডেকা আৰু তেজপুৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামী।

ইপিনে, বৰ্তমানৰ অগপ নেতৃত্বক লৈ তেওঁলোক সন্তুষ্ট নে বুলি আমাৰ সাংবাদিকে সুধিছিল।

এই প্ৰশ্নৰ উত্তৰত পবীন্দ্ৰ ডেকাই কয় ‘এই সন্দৰ্ভত মতামত মই নিদিওঁ। অধিৱেশনখনত প্ৰতিনিধিসকল আহি কি কয় সেইটোৰ ওপৰতহে নেতৃত্বৰ সাল-সলনি নিৰ্ভৰ কৰিব। তেওঁলোকৰ ওপৰত এতিয়া মতামত নিদিওঁ। তেওঁলোকৰ কাৰু-কাৰ্য্যবিলাক মই নীৰিক্ষণ কৰি আছো।

আনহাতে, দলৰ নেতৃত্ব সন্দৰ্ভত একেটা প্ৰশ্ন সোধা হৈছিল তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীক।

উত্তৰত গোস্বামীয়ে কয় ‘মই এই দল প্ৰতিষ্ঠা কৰা মানুহ গতিকে এতিয়া মই ৰাজহুৱাভাৱে এই কথা নকওঁ। দলৰ নিয়মানুবৰ্তিতা আমি সদায় মানি চলি আহিছো। কিবা কথা ক’বলৈ থাকিলে দলৰ বাহিৰত মই মৰিলে নকওঁ। এই দলটোৰ বাবে মই বহু ত্যাগ কষ্ট কৰিবলগীয়া হৈছে।‘

অৱশ্যে নেতা কেনেকুৱা হ’ব লাগে তাৰ সংক্ষেপে বাখ্যা দাঙি ধৰি গোস্বামীয়ে কয় ‘নেতা সেইজন যিজনে এটা পথৰ নিৰ্দেশ কৰি মানুহক লৈ যাব পাৰে।‘

এতিয়া দলীয় কৰ্মীয়ে নেতৃত্বৰ পৰিৱৰ্তন নোহোৱা কথাটো কেনেদৰে গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd