• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফাৰ ৰাজনৈতিক দল খোলাৰ পৰিকল্পনাত আউল; মিথিংগা দৈমাৰীৰ বিৰোধ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 31, 2019 7:32 am

2 min read

Mithinga Daimary

আলফাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰী। ফাইল ফটো।

11.6k
VIEWS
Share on FacebookShare on Twitter

২৭ জুলাইৰ চহিদ দিৱসৰ কাৰ্য্যসূচীত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই আলফাৰ দ্বাৰা এটা নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজৰ ইংগিত দিছিল যদিও, আৰম্ভণিতেই ইয়াক লৈ মতানৈক্য সৃষ্টি হৈছে।

জানিব পৰা গৈছে যে আলফাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰীয়ে এই কথাটোৰ তীব্ৰ বিৰোধিতা কৰিছে।

“কোনো কাৰণতে আমি আলফাৰ মঞ্চক ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰিবলৈ নিদিওঁ। আমি মুকলিভাবে জনাওঁ এই দল কেতিয়াও খুলিবলৈ দিয়া নহ’ব”, প্ৰথমটো প্ৰতিক্ৰিয়া মিথিংগা দৈমাৰীৰ।

অনুপ চেতিয়াই অৱশ্যে ৰাজনৈতিক দল খোলাৰ চিন্তাটো “ব্যক্তিগত” পৰ্য্যায়ত আছে বুলি জানিবলৈ দিছিল।

অনুপ চেতিয়াই ৰাজনৈতিক দল খোলাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰাৰ সময়ত উক্ত চহিদ দিৱসৰ কাৰ্য্যসূচীত উপস্থিত আছিল আলফাৰ প্ৰায়বোৰ শীৰ্ষ নেতা। দৰং জিলাৰ দিপিলাত এই কাৰ্য্যসূচীটো অনুষ্ঠিত হৈছিল।

“চহিদসকল, পংগুত্ব বৰণ কৰাসকল বা আলফাৰ সংগ্ৰামত ভুক্তভোগী জনগণক তেওঁলোকৰ প্ৰাপ্য দিবলৈ আমি চৰকাৰ গঠন কৰিব লাগিব আৰু তাৰ বাবে এটা ৰাজনৈতিক দল খোলাৰ প্ৰয়োজন বোধ কৰিছো”, এয়া আছিল অনুপ চেতিয়াৰ যুক্তি।

তেওঁ লগতে “চুক্তি” হৈ যোৱাৰ পিছতহে ৰাজনৈতিক দল গঠন কৰা হ’ব বুলি মন্তব্য কৰিছিল। সংগঠনটো বৰ্তমান চৰকাৰৰ সৈতে আলোচনাত আছে।

মন কৰিব লগীয়া যে ১৯৯১ চনৰ ২৭ জুলাইত দৰং জিলাৰ দিপিলাত অৰ্ধসামৰিক বাহিনীৰ গুলীত ৫জনকৈ নিৰীহ লোকৰ মৃত্যু হৈছিল। তেতিয়াৰে পৰাই আলফাই এই দিনটোত চহিদ দিৱস হিচাপে পালন কৰি আহিছে।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd