আজি (মঙলবাৰে) সংসদত দাখিল কৰা হ’ব ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক। দুপৰীয়া ১২ বজাত সংসদত এই বিধেয়ক দাখিল কৰিব কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে। ইতিমধ্যে বিধেয়কখনৰ প্ৰতিলিপি সকলো সাংসদলৈ প্ৰেৰণ কৰা হৈছে। বিজেপিয়ে দলৰ সাংসদৰ উপস্থিতি বাধ্যতামূলক কৰি হুইপ জাৰি কৰিছে।
কেন্দ্ৰীয় কেবিনেটে সংবিধান (১২৯ সংশোধনী) বিধেয়ক, ২০২৪, আৰু কেন্দ্ৰীয় শাসিত অঞ্চল (সংশোধনী বিধেয়ক), ২০২৪ত অনুমোদন জনাইছে। শুকুৰবাৰে বিধেয়কখনৰ প্ৰতিলিপি সাংসদসকললৈ প্ৰেৰণ কৰাৰ পিছত সোমবাৰে সংসদত বিধেয়কখন দাখিল কৰা হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু শেষ মুহূৰ্তত কেন্দ্ৰই নিজৰ সিদ্ধান্ত সলনি কৰে। অৱশেষত মঙলবাৰে উত্থাপন কৰা হ’ব বিধেয়কখন।
কিন্তু তৃণমূল, আপ আদি বিৰোধী দলসমূহে ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে। সোমবাৰে তৃণমূলে কয়, “তেওঁলোকে ডেৰ মাহ পূৰ্বে ঝাৰখণ্ডত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছিল। ক্ষুদ্ৰ ৰাজ্যসমূহতে দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছে, তেওঁলোকে আকৌ সমগ্ৰ দেশতে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা কৈছে। এইটো হাস্যকৰ কথা।”
উল্লেখ্য যে মঙলবাৰে বিধেয়কখন উত্থাপনৰ খবৰ অহাৰ লগে লগে কেইবাটাও বিৰোধী দলেও আজি সকলো সাংসদৰ উপস্থিতি বাধ্যতামূলক কৰি হুইপ জাৰি কৰিছে।
কিন্তু এই বিধেয়কখন কাৰ্যকৰী হ’লে দেশৰ নিৰ্বাচনৰ বাবে হোৱা বৃহৎ ব্যয় বহু পৰিমাণে হ্ৰাস পাব বুলি যুক্তি আগবঢ়াইছে কেন্দ্ৰই। কেন্দ্ৰীয় চৰকাৰে লগতে বিধানসভা আৰু লোকসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হ’লে ভোটদানৰ হাৰো বৃদ্ধি পাব পাৰে বুলি ভাৱে। বিপৰীতে বিৰোধীৰ যুক্তি যে এই বিধেয়কখন আচলতে ফেডাৰেল গাঁথনি আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিপন্থী।