NORTHEAST NOW (Assamese)

চাওক বেংকে কিদৰে ব্যৱহাৰ কৰিব পাৰে আপোনাৰ আধাৰ কাৰ্ড

October 24, 2019 4:03 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বেংকে তেওঁলোকৰ নিজৰ ইচ্ছাত আপোনাৰ আধাৰ কাৰ্দ ব্যৱহাৰ কৰিব নোৱাৰে।

ভাৰতৰ বেংকসমূহে তেওঁলোকৰ কে ৱাই চি (know your customer) নথি হিচাপে আধাৰ কাৰ্দ ল’ব পাৰে।

কিন্তু, খবৰমতে, বেংকে লোৱা আধাৰ কাৰ্দ গ্ৰাহকৰ অনুমতি অবিহনে তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে।

আধাৰ কাৰ্দ ব্যৱহাৰৰ বাবে একাউণ্ট খোলা ব্যক্তিজনৰ অনুমতি গ্ৰহণ বাধ্যতামূলক।

কেৱল বেংকেই নহয়, আন বিত্তীয় প্ৰতিষ্ঠানসমূহেও গ্ৰাহকৰ অনুমতি অবিহনে তেওঁৰ আধাৰ কাৰ্দ ব্যৱহাৰ কৰিব নোৱাৰে।

আপুনি অনুমতি দিলেহে বেংকে অনলাইনযোগে আধাৰৰ কে ৱাই চিৰ সত্যাসত্য নিৰূপণ কৰিব পাৰিব।

Related News