ক্ৰিকেটৰ ৰাষ্ট্ৰীয় নিৰ্বাচক কমিটিৰ অধ্যক্ষ হ’ল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ‘যুঁজাৰু’ খেলুৱৈ চেতন শৰ্মা। বিচিচিআইৰ পৰামৰ্শদাতা কমিটিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।
পাঁচজনীয়া নিৰ্বাচক কমিটিত আছে দুগৰাকী প্ৰাক্তন পেচাৰ দেৱাশীষ মহান্তি আৰু আৱে কুৰুভিল্লা। তদুপৰি, সদস্য হিচাপে থাকিব সুনীল যোশী আৰু হৰবিন্দৰ সিং।
তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ নিৰ্বাচক কমিটিৰ সদস্য পাঁচগৰাকী প্ৰাক্তন ক্ৰিকেটাৰেই বলাৰ। অধ্যক্ষ চেতন শৰ্মাই ভাৰতৰ হৈ ২৩খন টেষ্ট মেচ আৰু ৬৫খন এদিনীয়া মেচ খেলিছিল।
উল্লেখ্য যে এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ প্ৰথমটো হেট্ৰিক লৈছিল চেতন শৰ্মাই। ১৯৮৩চনত মাত্ৰ ১৭বছৰ বয়সত এদিনীয়া ক্ৰিকেটত অভিষেক ঘটিছিল চেতন শৰ্মাৰ। ইয়াৰ এবছৰ পাছতে তেওঁ টেষ্টত সুযোগ লাভ কৰে।
বিচিচিআইৰ সংবিধান অনুসৰি আটাইতকৈ বেছি টেষ্ট মেচ খেলা ক্ৰিকেটাৰেই নিৰ্বাচক কমিটিৰ মুৰব্বী হয়। সেয়েহে, চেতন শৰ্মাক দায়িত্ব দিয়া হৈছে।
এইবাৰ নিৰ্বাচকৰ বাবে অজিত আগৰকাৰকে ধৰি কেইবাজনেও আবেদন কৰিছিল। ভাৰতৰ হৈ দুশৰো অধিক মেচ খেলা আগৰকাৰকেই নিৰ্বাচক কমিটিৰ মুৰব্বী দিয়া হ’ব বুলি চৰ্চা চলিছিল।
মদন লাল, আৰ পি সিঙক লৈ গঠিত ক্ৰিকেট পৰামৰ্শদাতা কমিটিয়ে চেতন শৰ্মাকহে অগ্ৰাধিকাৰ দিলে।