সুৰাসক্ত দুই কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ । আধা কেজি মাংসক লৈয়ে সংঘাত আৰু অৱশেষত নিৰ্মম হত্যাকাণ্ড ।
ঘটনাৰ বিবৰণী অনুসৰি – মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ২নং আলুবাৰীৰ ভুজিয়া গাঁৱৰ লক্ষীন্দ্ৰ ঠাকুৰে আধা কেজি ব্ৰইলাৰ মাংস বজাৰৰ পৰা ক্ৰয় কৰি আনিছিল মঙ্গলবাৰে নিশা।
ভাতৃ গণেশ ঠাকুৰে মাংস খিনি চুৰি কৰি নি খুড়াক অভি ঠাকুৰৰ ঘৰত মাংসখনি ৰন্ধন কৰিছিল ।
এই কথা জানিব পাৰি জ্যেষ্ঠ ভাতৃ ক্ষুদ্ধ হৈ পৰে আৰু এই কৰ্মৰ বাবে কনিষ্ঠ ভাতৃৰ সৈতে তৰ্কা তৰ্কিত লিপ্ত হয়। শেষত এই তৰ্কাতৰ্কিৰ পৰা হতাহতিৰ পৰিৱেশ উদ্ভৱ হয়। কনিষ্ঠ ভাতৃ গণেশ ঠাকুৰ আৰু খুৰাকৰ পুত্ৰ কৃষ্ণ ঠাকুৰে ককায়েক লক্ষীন্দ্ৰৰ ঠাকুৰক বাঁহ আৰু কাঠৰ টুকুৰাৰে হানি খুচি মৰিয়াই মৰিয়াই নিশা প্ৰায় ১ বজাত হত্যা কৰে।
বুধবাৰে পুৱা স্থানীয় ৰাইজে এই বিষয়ে জানিব পাৰি দুই হত্যাকাৰী ক্ৰমে গণেশ ঠাকুৰ আৰু কৃষ্ণ ঠাকুৰক আটক কৰি আৰক্ষীক গতাই দিয়ে। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
স্থানীয় লোকে অঞ্চলটোত অবৈধ চুলাই মদকে ধৰি বিভিন্ন মাদক দ্ৰব্য মুক্ত বেহাৰৰ বাবেই এই জঘন্য ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে। ৰাইজে অতি শীঘ্ৰে মাদ্ৰক দ্ৰব্য বিৰুদ্ধে তীব্ৰ অভিযান চলাবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে।




