স্তব্ধ ধিং এক্সপ্ৰেছ! আঘাতৰ বাবে এইবাৰ এছিয়ান গেমছত খেলিব নোৱাৰিব যোৱাবাৰৰ স্বৰ্ণজয়ী হিমাই

এইবাৰ এছিয়ান গেমছত অংশ ল’ব নোৱাৰিব হিমা দাসে। অসমৰ এইগৰাকী খেলুৱৈয়ে এতিয়াও আঘাতৰ পৰা সুস্থ হোৱা নাই বুলি জানিবলৈ দিছে তেওঁৰ প্ৰশিক্ষকে। ফলত এছিয়ান গেমছৰ ট্ৰাইলত অংশ ল’ব নোৱাৰিব যোৱাবাৰৰ ৰিলেৰ  স্বৰ্ণ পদক বিজয়ী খেলুৱৈগৰাকীয়ে। সেইবাবেই প্ৰশিক্ষকে কয় যে হিমাই এছিয়ান গেমছত খেলাৰ কোনো সম্ভাৱনা নাই।

ভাৰতীয় এথলেটিকছ দলৰ প্ৰশিক্ষক ৰাধাকৃষ্ণন নায়াৰে কয় যে এপ্ৰিল মাহত হিমাৰ হেমষ্ট্ৰিং আঘাত পাইছিল। সেই আঘাতৰ পৰা তেওঁ এতিয়াও সুস্থ হোৱা নাই। হেমষ্ট্ৰিঙৰ আঘাতৰ উপৰিও হিমাৰ পিঠিত আঘাত আছে। ৰাধাকৃষ্ণনে কয় যে এই দুটা আঘাতৰ বাবে তেওঁ দীৰ্ঘদিন ট্ৰেকৰ বাহিৰত থাকিব লাগিব।

লগতে পঢ়ক: ব্ৰিজভূষণৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ ৫০০ পৃষ্ঠাৰ অভিযোগনামা; বাতিল POCSO আইনৰ অভিযোগ!

চীনৰ হাংঝাউত ২৩ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ অনুষ্ঠিত হ’ব এছিয়ান গেমছ। তাত ভাৰতক কোনে প্ৰতিনিধিত্ব কৰিব সেয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাজ্যিক প্ৰতিযোগিতাৰ জৰিয়তে নিৰ্ণয় কৰা হ’ব। ১৫ জুনৰ পৰা ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত আৰম্ভ হ’ব এই প্ৰতিযোগিতা। তাত হিমাই অংশগ্ৰহণ কৰিব নোৱাৰে।

প্ৰশিক্ষক ৰাধাকৃষ্ণনে কয় যে, ১৫ এপ্ৰিলত হিমাৰ হেমষ্ট্ৰিং আঘাত হৈছিল। ইতিমধ্যে তেওঁৰ পিঠিত আঘাত আছিলেই। এতিয়াও চিকিৎসা চলি আছে। ইণ্ডিয়ান এথলেটিকছ এছ’চিয়েশ্যনৰ নিয়ম অনুসৰি এছিয়ান গেমছত তেওঁ অংশগ্ৰহণ কৰিব নোৱাৰিব। এইটো দুৰ্ভাগ্যজনক।”

লগতে পঢ়ক: সংসদৰ ভিতৰতেই যৌন নিৰ্যাতন! চাঞ্চল্যকৰ অভিযোগ অষ্ট্ৰেলিয়াৰ মহিলা চিনেটৰৰ

হিমাই যোৱা মাহত ৰাঁচীত অনুষ্ঠিত ফেডাৰেচন কাপতো অংশ ল’ব পৰা নাছিল। আশা কৰা হৈছিল যে হিমাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাজ্যিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। কিন্তু তাতো নোৱাৰে।

ইণ্ডিয়ান এথলেটিকছ এছ’চিয়েশ্যনে পূৰ্বে স্পষ্ট কৰি দিছিল যে বিশেষ শাখাৰ বাহিৰে বাকী সকলোৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব। তাৰ পৰা প্ৰতিযোগীক এছিয়ান গেমছলৈ প্ৰেৰণ কৰা হ’ব। টকিঅ’ অলিম্পিকৰ জেভেলিন স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা আৰু ৩০০০ মিটাৰ ষ্টীপলচেজ ৰূপৰ পদক বিজয়ী অবিনাশ ছেবলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নালাগে বুলি সংস্থাটোৱে সদৰী কৰিছে।

লগতে পঢ়ক: বিজেপিত মোক্ষম আঘাত! ৪০০ গাড়ীৰ কনভয় লৈ ছাইৰেন বজাই কংগ্ৰেছলৈ উভতিল বৈজনাথ

উল্লেখ্য যে ২৩ বছৰীয়া হিমাই ২০১৮ চনত সকলোৰে চকু কপালত তুলিছিল। সেইবাৰ ২০ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰে। সেই বছৰেই জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত হিমাই তিনিটা পদক লাভ কৰিছিল। ৪০০ মিটাৰত হিমাই ৰূপৰ পদক, মহিলাৰ ৰিলেত স্বৰ্ণ আৰু মিক্সড ৰিলেত ৰূপৰ পদক লাভ কৰিছিল।