কলেজীয়া দিনত হাত খৰচ উলিয়াবলৈ কি কাম কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে? জনালে নিজেই

কলেজীয়া জীৱনত বহুতেই হাত খৰচৰ পইচা উলিয়াবৰ বাবে বিভিন্নধৰণৰ কাম কৰে। উদাহৰণ স্বৰূপে, কোনোবাই প্ৰাইভেট টিউছন কৰে, কোনোবাই দোকানত বা আন কোনো ঠাইত সৰুসুৰা কাম বাছনি কৰে। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়েও এনে ধৰণৰ কিছু কাম বাছনি কৰিছিল। কিন্তু এইটো এনেকুৱা এটা কাম যিটো সাধাৰণতে কোনেও বৰ বেছি এটা বাছনি নকৰে।

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে অলপতে এটা অনুষ্ঠানত তেওঁৰ সম্পৰ্কত কিছু কথা প্ৰকাশ কৰিছিল। তেওঁ কি কৈছিল? তেওঁ কৈছিল যে যেতিয়া তেওঁৰ বয়স ২০ বছৰ আছিল তেওঁ অতিৰিক্ত উপাৰ্জনৰ বাবে ৰেডিঅ’ জকীৰ বৃত্তি বাছি লৈছিল। সেয়াই আন ক’তো নহয়, তেওঁ জড়িত হৈছিল অল ইণ্ডিয়া ৰেডিঅ’ৰ সৈতে।

লগতে পঢ়ক: Oxford English Dictionary: ২০২২ চনৰ ‘বছৰটোৰ শব্দ’ ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি?

অনুষ্ঠানটোত উপস্থিত থকা সকলো অতিথিয়ে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ পৰা এই কথা শুনি বৰ আনন্দ পাইছিল। মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কৈছিল যে সেই সময়ছোৱাত তেওঁ অতিৰিক্ত ধন উপাৰ্জনৰ বাবে ‘প্লে ইট কুল’, ‘এ ডেট উইথ ইউ’ বা ‘দেওবৰীয়া অনুৰোধ’ৰ দৰে অল ইণ্ডিয়া ৰেডিঅ’ৰ অনুষ্ঠানত এজন ঘোষকৰ ভূমিকা পালন কৰিছিল।

ইয়াৰ পিছত তেওঁ কৈছিল যে সৰুৰে পৰা, তেওঁ সংগীতৰ প্ৰতি আগ্ৰহী আছিল। আনকি এজন উকীলৰ বৃত্তিলৈ অহাৰ পাছতো সেই আগ্ৰহ একেবাৰে হ্ৰাস হোৱা নাছিল। এই আগ্ৰহৰ বাবেই তেওঁ এটা সময়ত অল ইণ্ডিয়া ৰেডিঅ’ত ৰেডিঅ’ জকী হিচাপে কাম কৰিবলৈ লৈছিল।

তেওঁৰ মতে, সংগীতৰ প্ৰতি আগ্ৰহ এতিয়াও সম্পূৰ্ণ  আছে। গতিকে যেতিয়াই তেওঁ তেওঁৰ কাম চম্ভালি সময় পায় তেওঁ সংগীত শুনিবলৈ চেষ্টা কৰে।

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ এই ভাষ্য সামাজিক মাধ্যমত বৰ জনপ্ৰিয় হৈ পৰিছে। তেওঁৰ মন্তব্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে।