ন্যায়াধীশসকললৈ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ বাৰ্তা, ‘আনুগত্য সংবিধানৰ প্ৰতি হওক, কোনো দলৰ প্ৰতি নহয়’

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়। ফাইল ফটোঃ সংগ্ৰহীত।

উচ্চ ন্যায়ালয়ৰ বাৰ এছোচিয়েশ্যনে নাগপুৰত আয়োজন কৰা এক অনুষ্ঠানত অংশ লৈ দেশৰ ন্যায়াধীশসকলৰ প্ৰতি ‘আনুগত্য’ৰ প্ৰশ্নক লৈ এক স্পষ্ট বাৰ্তা প্ৰদান কৰে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে। তেওঁৰ স্পষ্ট বাৰ্তা যে আনুগত্য কোনো দলৰ প্ৰতি নহয়, দেশৰ সংবিধানৰ প্ৰতি আনুগত্য থাকক। নিৰ্বাচনৰ প্ৰাকক্ষণত বাৰ এছ’চিয়েশ্যনলৈ তেওঁৰ এই স্পষ্ট বাৰ্তা।

দেশৰ প্ৰায় প্ৰতিজন নাগৰিকৰে কোনোবা নহয় কোনোবা এটা দলৰ প্ৰতি দৃষ্টি থাকে। অৰ্থাৎ কোনেও ৰাজনীতিৰ বাহিৰত নহয়। সেই বিষয়টো লৈ মুখ্য ন্যায়াধীশে দাৰ্শনিক এৰিষ্ট’টলৰ ভাষণৰ উদ্ধৃতি দি বাৰ এছ’চিয়েশ্যনৰ অনুষ্ঠানটোক সম্বোধন কৰে। তেওঁ কয়, ‘আমাৰ দৰে উজ্জ্বল আৰু যুক্তিবাদী গণতন্ত্ৰত বেছিভাগ নাগৰিকৰে কিছু ৰাজনৈতিক মতাদৰ্শ থাকে, বা ইয়াৰ প্ৰতি প্ৰৱণতা থাকে।’

লগতে পঢ়কঃ IPL 2024: অদমনীয় বাটলাৰ! অথলে গ’ল কিং কোহলীৰ বিৰাট ইনিংছ; দুৰ্দান্ত বেটিঙেৰ জয় কাঢ়ি নিলে ৰাজস্থানে

ইয়াৰ পিছত দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, ‘এৰিষ্ট’টলৰ ভাষাত মানুহ ৰাজনৈতিক প্ৰাণী। আৰু আইনজীৱীসকলো ইয়াৰ পৰা বাহিৰত নহয়। কিন্তু বাৰৰ সদস্যসকলৰ বাবে এজনৰ সৰ্বোচ্চ আনুগত্য নিজৰ পক্ষপাতমূলক স্বাৰ্থৰ প্ৰতি নহয়, বৰঞ্চ আদালত আৰু সংবিধানৰ প্ৰতি হ’ব লাগে।”

তেওঁ কয়, ন্যায়পালিকাই সদায় ‘আইনসভা আৰু ন্যস্ত ৰাজনৈতিক স্বাৰ্থৰ পৰা ক্ষমতা পৃথক কৰাটো নিশ্চিত কৰি নিজৰ স্বাধীনতা আৰু নিৰপেক্ষতা নিশ্চিত কৰে।” ডি ৱাই চন্দ্ৰচুড়ে কয়, ‘কিন্তু আমি পাহৰিব নালাগে যে ন্যায়পালিকাৰ স্বাধীনতা আৰু বাৰৰ স্বাধীনতাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে।‘

লগতে পঢ়কঃআন এক শ্ৰদ্ধা কাণ্ড! দিল্লীত আলমাৰীৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, নিখোঁজ লিভ-ইন পাৰ্টনাৰ

বিচাৰৰ ৰায় সন্দৰ্ভত মুখ্য ন্যায়াধীশে কয়, ‘ৰায় ঘোষণাৰ পিছত ই ৰাজহুৱা সম্পত্তি হৈ পৰে। এটা প্ৰতিষ্ঠান হিচাপে আমাৰ দায়িত্ব ওপৰত। প্ৰশংসা আৰু সমালোচনা…সেয়া সাংবাদিকতাৰ জৰিয়তে হওক, ৰাজনৈতিক মন্তব্যৰ জৰিয়তে হওক বা ছ’চিয়েল মিডিয়াৰ জৰিয়তে হওক আমি দুয়োটা লাভ কৰিবলৈ সাজু।’ একে সময়তে তেওঁ কি কথাত বিৰক্ত হৈছে তাকো কয়। চন্দ্ৰচুড়ে কয়, “শেহতীয়াকৈ বাৰ এছ’চিয়েশ্যনৰ সদস্যসকলে বিচাৰাধীন গোচৰ আৰু ৰায়দানৰ ওপৰত মন্তব্য দিয়াৰ প্ৰৱণতাই মোক অতিশয় বিৰক্ত কৰিছে।‘’