• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঋণ লৈ ইতিহাস ৰচিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই! বণ্ড বন্ধকত থৈ ১৬ ডিচেম্বৰত পুনৰ ৯০০ কোটিৰ ঋণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2025 6:39 pm
82
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেগৰ ভয়াৱহ বিত্তীয় সতৰ্কবাণীৰ পাছতো অসম চৰকাৰে পুনৰ বৃহৎ পৰিমাণৰ ঋণ ল‘বলৈ তৎপৰ হৈ উঠিছে। ৰাজ্যৰ বিত্তীয় ভৱিষ্যত বিপদাপন্ন কৰি চৰকাৰে অহা ১৬ ডিচেম্বৰত চৰকাৰী বণ্ড বন্ধকত দি পুনৰ ৯০০ কোটি টকাৰ ঋণ ল’ব।

ইতিমধ্যে বিত্ত বিভাগে ইয়াৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। কেগৰ শেহতীয়া প্ৰতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰৰ ঋণৰ পৰিমাণ বাৰ্ষিক গড়ে ২০.৬৭ শতাংশ হাৰত বৃদ্ধি পাইছে। ২০২৩-২৪ বৰ্ষৰ ৰাজ্যিক বিত্তৰ হিচাপ পৰীক্ষা কৰি বিধানসভাত দাখিল কৰা এই প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই ঋণৰ ওপৰত নিৰ্ভৰশীলতা পৰিহাৰ কৰাৰ বাবে কঠোৰ পৰামৰ্শ দিয়া হৈছিল। কিন্তু ৰাজ্য চৰকাৰে এই সকলোবোৰ সতৰ্কবাণী উলাই কৰি পুনৰ ঋণৰ বোজা বৃদ্ধি কৰিবলৈ লৈছে।

Apply Now

বিত্ত মন্ত্ৰী অজন্তা নেওগে যোৱা ২৫ নৱেম্বৰত বিধানসভাত দাখিল কৰা তথ্য মতে, ২০২৪-২৫ বৰ্ষত অসম চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ আছিল ১,৫৪,৩৩৩ কোটি টকা। চলিত ২০২৫-২৬ বৰ্ষত ঋণ সংগ্ৰহৰ লক্ষ্য আছে ৩৬,১৮৫ কোটি টকা। ইয়াৰ বিপৰীতে ইতিমধ্যে ২০ হেজাৰ কোটি টকাৰো অধিক ঋণ লোৱা হৈছে বুলি জানিব পৰা গৈছে। লক্ষণীয় যে, স্বৰাজোত্তৰ কালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনেই হৈছে অসমৰ প্ৰথম চৰকাৰ, যিয়ে ২০২২-২৩ বৰ্ষৰ পৰা প্ৰতিটো বিত্তীয় বৰ্ষতে কুৰি হেজাৰ কোটি টকাৰ অধিক ঋণ লৈ আহিছে। যিয়ে অদূৰ ভৱিষ্যতৰ বাবে ৰাজ্যখনলৈ বিত্তীয় বিপদ কঢ়িয়াই আনিছে।

কেগৰ প্ৰতিবেদনে আন এক গুৰুত্বপূৰ্ণ তথ্য উন্মোচন কৰিছে যে চৰকাৰে বৰ্তমান বছৰি ঋণৰ সুত পৰিশোধৰ নামতেই প্ৰায় ৯,৪৬৭ কোটি টকা আদায় দিবলগীয়া হৈছে। আৰু এই সুত পৰিশোধৰ বাবেও ঋণৰ ধন ব্যয় কৰাৰ তথ্য পোহৰলৈ আহিছে। চলিত বৰ্ষৰ পৰা অহা দহ বছৰৰ ভিতৰত সুতসহ ১ লাখ ৫৯ হেজাৰ ২০৯ কোটি টকা বকেয়া ঋণ পৰিশোধ কৰাৰ প্ৰত্যাহ্বানে চৰকাৰৰ সন্মুখত থিয় দি আছে। এই সম্ভাব্য বোজাৰ পৰা তাৎক্ষণিকভাৱে উদ্ধাৰ পাবলৈ চৰকাৰে শেহতীয়াকৈ ঋণ পৰিশোধৰ ম্যাদ বৃদ্ধি কৰাৰ কৌশল গ্ৰহণ কৰিছে।  পূৰ্বৰ পাঁচ-দহ বছৰৰ ঠাইত এতিয়া নতুনকৈ লোৱা ঋণৰ ম্যাদ ১৪ বছৰৰ পৰা ২০ বছৰলৈ বৃদ্ধি কৰা হৈছে। দিছপুৰৰ শীৰ্ষ সূত্ৰৰ তথ্যমতে, অহা ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বিধানসভা নিৰ্বাচনৰ দিন-বাৰ ঘোষিত হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অহা ফেব্ৰুৱাৰীৰ আগভাগলৈকে কমেও ৩,০০০ কোটি টকাৰ নতুনকৈ ঋণ লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

নিৰ্বাচনী দিন-বাৰ ঘোষিত হোৱাৰ পূৰ্বে নগদ উপকৃত হোৱা হিতাধিকাৰী আঁচনিসমূহৰ জৰিয়তে ৰাইজৰ মন জয় কৰাৰ বাবে চৰকাৰে তৎপৰ হৈ উঠিছে। যোৱা ছেপ্টেম্বৰত ঋণ লোৱাৰ পাছত ৰাজ্যজুৰি সৃষ্টি হোৱা গণ জাগৰণৰ বাবে চৰকাৰে দুটা মাহ নতুনকৈ ঋণ লোৱাৰ পৰা বিৰত আছিল। কিন্তু শেহতীয়াকৈ এই আঁচনিসমূহ খৰতকীয়াভাৱে কাৰ্যকৰীকৰণৰ জৰিয়তে সমাগত নিৰ্বাচনৰ বাবে ভোটবেংক সবল কৰাৰ লক্ষ্যৰে পুনৰ ঋণ লোৱাৰ প্ৰক্ৰিয়া হাতত লৈছে। মুখ্যমন্ত্ৰীয়ে বি টি আৰতো ৰাজহুৱা অনুষ্ঠান পাতি অৰুণোদয় আঁচনি মুকলি কৰিছে। কেগে বিত্তীয় ঘাটি হ্ৰাস, নিজস্ব ৰাজহ বৃদ্ধি আৰু ৰাজহুৱা ঋণৰ বোজা এৰাই চলিবলৈ পৰামৰ্শ দিয়াৰ লগতে কুৰি বছৰৰ পিছত ৰাজ্যৰ ভৱিষ্যৎ প্ৰজন্মই কি কু-পৰিণাম ভোগ কৰিব লাগিব তাৰ আগতীয়া সতৰ্কবাণী দিয়াৰ পাছতো নিৰ্বাচনী ভোটবেংক সবল কৰাৰ লক্ষ্যৰে আগবঢ়া চৰকাৰখনে তালৈ কেৰেপ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd