আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মদিন; প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

Sarbananda Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মদিন

দৈনন্দিন ব্যস্ত কাৰ্য্যক্ৰমণিকাৰে বৃহস্পতিবাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৫৭ সংখ্যক জন্মদিন পালন কৰে।

চৰ্ডাৰ বল্লভ ভাই পেটেলৰ ১৪৪ বছৰীয়া জন্মজয়ন্তী উপলক্ষ্যে সমগ্ৰ দেশতে আয়োজন কৰা ‘একতাৰ দৌৰ’ত অংশগ্ৰহণ কৰি সোণোৱালে জন্মদিনৰ দিনটো আৰম্ভ কৰে।

নেহেৰু অনুষ্ঠানত আয়োজিত অনুষ্ঠানত সোণোৱালে সহস্ৰাধিক লোকৰ উপস্থিতিত অংশগ্ৰহণ কৰে।

জন্মদিন উপলক্ষ্যে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মুখ্য মন্ত্ৰী সোণোৱালক শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, ১৯৬২ চনত অসমৰ ডিব্ৰুগড় জিলাৰ দিনজানত জন্মগ্ৰহণ কৰা সৰ্বানন্দ সোণোৱালৰ পিতৃ স্বৰ্গীয় জীৱেশ্বৰ সোণোৱাল আৰু মাতৃ স্বৰ্গীয় দিনেশ্বৰী সোণোৱাল।

ছাত্ৰ অৱস্থাৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ পৰা সৰ্বানন্দ সোণোৱালে পৰৱৰ্তী সময়ত আছুৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

১৯৯৯ চনত প্ৰথমবাৰৰ বাবে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰা সোণোৱালে অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে ২০০১ চনত মৰাণ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল।

অগপ বাদ দি পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰা সোণোৱালে লখিমপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱকল্যাণ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু ২০১৬ চনত মাজুলী বিধানসভাৰ পৰা জয়ী হৈ আহি অসমৰ মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।