NORTHEAST NOW (Assamese)

নলবাৰীৰ বিশিষ্ট সমাজ কৰ্মী চন্দ্ৰ কলিতাৰ বিয়োগত মুখ্য মন্ত্ৰীৰ শোক প্ৰকাশ

October 17, 2019 9:06 pm · এন ই নাও নিউজ
চন্দ্ৰ কলিতা, উৎস-ফেইচবুক

নলবাৰীৰ বিশিষ্ট সমাজ কৰ্মী চন্দ্ৰ কলিতাৰ বিয়োগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰে।

এক শোকবাৰ্তাত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে জীৱন কালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্ৰয়াত চন্দ্ৰ কলিতাই বৃহত্তৰ নলবাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থাকি সমাজ উত্তৰণৰ দিশত যি অৰিহণা আগবঢ়াই গ’ল সেয়া জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব।

ঐতিহ্যমণ্ডিত নলবাৰীৰৰ হৰিমন্দিৰত উদযাপিত ৰাস মহোৎসৱৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত হৈ থাকি ৰাস মহোৎসৱক সফল কৰাৰ দিশত তেখেতে যথেষ্ট অৰিহণা আগবঢ়াই গৈছে।

কলিতাৰ মৃত্যু নলবাৰীৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

সোণোৱালে প্ৰয়াত চন্দ্ৰ কলিতাৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰিও শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, বহুদিনৰ পৰা হৃদৰোগ জনিত সমস্যাত আক্ৰান্ত হৈ  থকা কলিতাৰ আজি বিয়লি ৫ মান বজাত গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়।

Related News