তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত শংকৰ চাহ বাগিচাত হেড ফিটাৰ হিচাপে কৰ্মৰত গৌৰাং চন্দ্ৰ দেৱ (৫৫)ক অস্ত্ৰধাৰী যুৱকৰ দলে অপহৰণ কৰি নিয়া আজি সাত দিনৰ পিছতো আৰক্ষীয়ে অপহৃতৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।
আনহাতে অপহৃতক উদ্ধাৰৰ বাবে বাগিচাৰ স্বত্ত্বাধিকাৰ সুধিৰ কুমাৰ লোহিয়াই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি দুপৰীয়া ধলাত বাইক ৰেলী বাহিৰ কৰাৰ লগতে লোহিয়াৰ পুত্তলিকাও দাহ কৰে ৷
ফেডাৰেচনটোৰ নেতৃত্বই ‘অসম চৰকাৰ হায় হায়, সেনা-আৰক্ষী প্ৰশাসন হায় হায়, অপহৃত গৌৰাংগ চন্দ্ৰ দেৱ’ক মুক্তি দিয়ক’ আদি প্ৰতিবাদী শ্ল’গানেৰে অঞ্চলটো উত্তাল কৰি তোলে।
প্ৰতিবাদকাৰীসকলে তালাপ আৰক্ষী চকীৰ প্ৰভাৰীগৰাকীৰ যোগেদি জিলা উপায়ুক্তলৈ অপহৃত চাহ কৰ্মচাৰী গৰাকীক শীঘ্ৰে উদ্ধাৰ কৰাৰ দাবীত এখন স্মাৰকপত্ৰও প্ৰদান কৰে ৷
উল্লেখযোগ্য যে ১১ অক্টোবৰৰ সন্ধিয়া সামৰিক পোছাকত অহা এটা চাৰিজনীয়া অস্ত্ৰধাৰী অপহৰণকাৰী দলে বাগিচাখনৰ পৰাই গৌৰাঙক অপহৰণ কৰি লৈ যায়।
অত্যাধুনিক অস্ত্ৰৰে সু-সজ্জিত হৈ অহা দলটোৱে প্ৰথমে বাগিছাখনৰ কলঘৰত প্ৰবেশ কৰি বাগিচাখনৰ মুখ্য পৰিচালক ছহিউল হক আলীক বিচাৰি নাপাই কলঘৰত হেড ফিটাৰ ৰূপে কৰ্মৰত গৌৰাং চন্দ্ৰ দেৱ’(৫৫) ওলাই অহা দেখা পাই দলটোৱে উঠাই লৈ যায়।