• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গডছেক বিজেপিয়ে ভাৰত ৰত্ন দিবলৈ বেছি দিন নাই: কংগ্ৰেছ

চাভাৰকাৰক লৈ শাসক দলৰ মহাৰাষ্ট্ৰ বিধান সভাৰ নিৰ্বাচনী ঘোষণাক গৰিহনা অসমৰ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ।

অনুপ শৰ্মা by অনুপ শৰ্মা
October 17, 2019 8:45 pm
Debabrata Saikia Day not far when BJP will nominate Godse for Bharat Ratna: Assam Congress

দেৱব্ৰত শইকীয়াৰ ফাইল ছবি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে বিনায়ক দামোদৰ চাভাৰকাৰক ভাৰত ৰত্ন দিবলৈ আগবঢ়া কাৰ্য্যক গৰিহনা দি অসমৰ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই বৃহস্পতিবাৰে কৈছে যে শাসক দলটোৱে নাথুৰাম গডছেকো এই সন্মানৰ বাবে মনোনীত কৰিবলৈ আৰু বেছি দিন নাই।

অসম বিধান সভাৰ বিৰোধী দলপতিজনে কয় যে এই পদক্ষেপে ঐতিহাসিক বাস্তৱতা খণ্ডনৰ চেষ্টা কৰিছে আৰু ই “বিকাশ” বোলা মৰীচিকাৰ সন্ধানত ভাৰতবাসীয়ে বিজেপিক দিয়া জনাদেশৰ অতি অসৎ অপপ্ৰয়োগ।

Apply Now

চাভাৰকাৰক মৰণোত্তৰভাৱে ভাৰত ৰত্নৰ বাবে মনোনীত কৰা হ’ব বুলি আসন্ন মহাৰাষ্ট্ৰ বিধান সভাৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে ঘোষণা কৰিছে।

“চাভাৰকাৰৰ নাম ভাৰত ৰত্নৰ বাবে মনোনীত কৰাটো জাতিৰ পিতা মহাত্মা গান্ধীৰ পবিত্ৰ স্মৃতিৰ প্ৰতি এক তাচ্ছিল্য,” তেওঁ কয়।

“চাভাৰকাৰ আছিল মহাত্মা গান্ধী হত্যা গোচৰৰ সহ-ষড়যন্ত্ৰকাৰী। পৰ্য্যাপ্ত সাক্ষ্য-প্ৰমাণৰ অভাৱত তেওঁক মুকলি কৰি দিয়া হৈছিল যদিও, চৰ্দাৰ বল্লভ ভাই পেটেলৰ দৰে নেতাও চাভাৰকাৰ দোষী বুলি পতিয়ন গৈছিল। চৰ্দাৰ পেটেলে ১৯৪৮ চনৰ ফেব্ৰুৱাৰিত পণ্ডিত জৱাহৰলাল নেহৰুলৈ দিয়া এক পত্ৰত লিখিছিল: ‘চাভাৰকাৰৰ প্ৰত্যক্ষ অধীনত থকা হিন্দু মহাসভাৰ এক কট্টৰ গোটে এই ষড়যন্ত্ৰৰ উমনি দিছিল আৰু ইয়াক কাৰ্য্যকৰী কৰিছিল’।”

শইকীয়াই লগতে কয়, মহাত্মা গান্ধী হত্যাৰ তদন্ত কৰা কাপুৰ আয়োগে হত্যাৰ পিছত “চাভাৰকাৰ আৰু তেওঁৰ গোটটো” থকা বুলি ১৯৬৯ চনত তেওঁলোকৰ প্ৰতিবেদনত ইংগিত দিছিল।

বৃটিশ্বৰাজৰ বিৰোধীৰূপে আত্মপ্ৰকাশ কৰা চাভাৰকাৰে আন্দামানৰ চেলুলাৰ জে’লত ৫০ বছৰৰ বাবে নিৰ্বাসিত হোৱাৰ পিছতে তেওঁৰ আচল ৰং প্ৰকাশ পাইছিল, শইকীয়াই কয়।

“১৯২৪ চনত তেওঁক মুক্তি দিয়া পৰ্য্যন্ত চাভাৰকাৰে বৃটিশ্ব কৰ্তৃপক্ষক বহুকেইখন ক্ষমাভিক্ষাৰ আৱেদন দাখিল কৰিছিল। লক্ষণীয় কথাটো হৈছে তেওঁক জে’লৰ পৰা মুক্তি দিলে অকল বৃটিশ্ব-বিৰোধী কাৰ্য্যকলাপৰ পৰা আঁতৰি থকাৰ শপত দিয়াই নহয়, ভাৰত ত্যাগ আন্দোলনকে ধৰি স্বাধীনতা সংগ্ৰামৰ সৈতে সহযোগিতা নকৰি তেওঁ আচলতে তেওঁৰ শপত পালনো কৰিছিল,” শইকীয়াই কয়।

অনুপ শৰ্মা

অনুপ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd