দক্ষিণ শালমাৰা জিলাৰ মানকাছাৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৱতী এলেকাত গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত দুষ্টচক্ৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত মৃত্যুবৰণ কৰা অসম আৰক্ষীৰ বীৰ জোৱান ৰবেন দাসৰ বৰপেটা জিলাৰ হাথিনাপুৰস্থিত বাসগৃহত আজি উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বীৰ শ্বহীদ গৰাকীৰ প্রতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰী সোণোৱালে বীৰ জোৱান গৰাকীৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে পৰিয়ালবৰ্গৰ সৈতে মত-বিনিময় কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰী সোণোৱালে বীৰ জোৱান গৰাকীৰ ত্যাগৰ প্রতি অদ্ধা জনাই অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা ১০ লাখ টকাৰ আৰ্থিক সাহায্যৰ এখন চেক বীৰ জোৱানগৰাকীৰ মাতৃৰ হাতত অৰ্পণ কৰে।
ইয়াৰ পিছতে উপস্থিত থকা সাংবাদিকৰ সৈতে হোৱা মত-বিনিময়ত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে বীৰ জোৱান ৰবেন দাসে দেশমাতৃৰ সেৱাত দেখুৱাই যোৱা সাহস, নিৰ্ভিকতা আৰু ত্যাগৰ আদৰ্শই ‘সকলোকে অনুপ্ৰাণিত কৰি যাব।
এই আদৰ্শৰে অসম আৰক্ষীয়ে অনাগত দিনবোৰত কাম কৰি যাব। মুখ্যমন্ত্ৰী সোণোৱালে লগতে কয় যে বীৰ জোৱানগৰাকীৰ পৰিয়ালৰ এজন ব্যক্তিক কৰ্ম সংস্থাপন প্রদান কৰাৰ বাবে অসম চৰকাৰে পদক্ষেপ ল’ব।
বীৰ জোৱানগৰাকীৰ গৃহলৈ গৈ পৰিয়ালক সাক্ষাৎ কৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপিস্থত থাকে।