• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালসমূহৰ প্ৰতিগৰাকী সদস্যক প্ৰতিমাহে ৫ কেজিকৈ চাউল যোগান ধৰিব ৰাজ্য চৰকাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 20, 2020 7:55 pm

2 min read

Media Briefing 1

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

6.6k
VIEWS
Share on FacebookShare on Twitter

ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰজুৰি ঘোষণা কৰা ল’কডাউনৰ সময়ছোৱাত ৰাজ্যৰ এজনো দৰিদ্ৰ লোক যাতে অনাহাৰে থাকিবলগীয়া নহয় সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ ৰেচন কাৰ্ড নথকা অথচ আৰ্থিকভাৱে দুৰ্বল প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ বিপৰীতে প্ৰতি মাহে ৫ কেজিকৈ চাউল যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আজি কোভিদ-১৯-ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কামৰূপ জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লৈ মুখ্য মন্ত্ৰী সোণোৱাৱে এইদৰে কয়।

আনহাতে, ল’কডাউনৰ সময়ছোৱাত ৰাজ্যত খাদ্য সামগ্ৰীৰ যাতে অভাৱ নঘটে সেয়া তদাৰক কৰিবলৈ মুখ্য মন্ত্ৰী সোণোৱালে আজি ভাৰতীয় খাদ্য নিগমৰ বিষয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হয়।

মুখ্য মন্ত্ৰী সোণোৱালে নিগমৰ নুনমাটি আৰু চাংসাৰিৰ গুদামসমূহৰ লগতে চাংসাৰিৰ ৰে’লৱে য়াৰ্ড পৰিদৰ্শন কৰি মজুত কৰি ৰখা খাদ্য সামগ্ৰীৰ উপলব্ধতা সম্পৰ্কে বুজ লয়।

ভাৰতীয় খাদ্য নিগমৰ বিষয়াসকলে মুখ্য মন্ত্ৰী সোণোৱালক ভাৰতীয় খাদ্য নিগমৰ অধীনস্থ গুদামসমূহত আঢ়ৈ মাহলৈ ৰাজ্যবাসীক যোগান ধৰিব পৰাকৈ খাদ্য সামগ্ৰী মজুত আছে বুলি কয়।

মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতে কোনো কাৰণতে অভাৱ নঘটে আৰু যোগান ব্যৱস্থাটো সুচল হয় তাৰ বাবে যোগান বিভাগৰ লগতে কৃষি আৰু পশু পালন বিভাগে যৌথ সহযোগিতা আৰু উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰে কাম কৰিব লাগিব বুলিও মত প্ৰকাশ কৰে।

তদুপৰি, মুখ্য মন্ত্ৰী সোণোৱালে ইতিমধ্যে কাৰ্য্যকৰী হৈ থকা ল’কডাউন কিছু শিথিল কৰি কৃষি কৰ্ম কৰিবলৈ ৰাজ্যৰ কৃষকসকলক অনুমতি দিয়া হৈছে বুলি উল্লেখ কৰি সামাজিক ব্যৱধানৰ নীতি পূৰ্ণৰূপত মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ক’ৰ’না ভাইৰাছ নিৰ্মূল কৰিবলৈ কোনো প্ৰতিষেধক বৰ্তমানে আবিষ্কাৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত নাগৰিকৰ জীৱন সুৰক্ষাৰ বাবে সামাজিক ব্যৱধান মানি চলাই উত্তম পথ বুলি কয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd