NORTHEAST NOW (Assamese)

শ্বহীদ প্ৰণয় কলিতাৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল : ২০ লাখ টকা এককালীন সাহায্য প্ৰদান

August 2, 2020 4:59 pm · পুলেন্দ্ৰ দাস
Updated: August 2, 2020 5:06 pm

মণিপুৰত উগ্ৰপন্থীৰ হাতত শ্বহীদ হোৱা বৰপেটা জিলাৰ সাদেৰীৰ প্ৰণয় কলিতাৰ বাসগৃহত আজি উপস্থিত হয়
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

প্ৰণয় কলিতাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷

দুৰ্ভগীয়া পৰিয়ালটোক ২০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ লগতে শ্বহীদ প্ৰণয় কলিতাৰ দুই কন্যা শিশুৰ পঢ়া-শুনাৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷

আনহাতে শ্বহীদ প্ৰণয় কলিতাৰ ঘৰলৈ যোৱা প্ৰায় ৪০০ মিটাৰ পথচোৱা পকীকৰণ কৰাৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷

মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ দিলীপ শইকীয়া, পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন ডেকাৰ লগতে বৰপেটা জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

Related News