মণিপুৰত উগ্ৰপন্থীৰ হাতত শ্বহীদ হোৱা বৰপেটা জিলাৰ সাদেৰীৰ প্ৰণয় কলিতাৰ বাসগৃহত আজি উপস্থিত হয়
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷
প্ৰণয় কলিতাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷
দুৰ্ভগীয়া পৰিয়ালটোক ২০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ লগতে শ্বহীদ প্ৰণয় কলিতাৰ দুই কন্যা শিশুৰ পঢ়া-শুনাৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷
আনহাতে শ্বহীদ প্ৰণয় কলিতাৰ ঘৰলৈ যোৱা প্ৰায় ৪০০ মিটাৰ পথচোৱা পকীকৰণ কৰাৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷
মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ দিলীপ শইকীয়া, পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন ডেকাৰ লগতে বৰপেটা জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷