• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপ সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ সোণোৱাল-হিমন্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2019 7:00 pm
Chief Minister meet Nitin Gadkari

নিতীন গাডকাৰীক সাক্ষাৎ মুখ্য মন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্বৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় পথ পৰিবহন, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীক নতুন দিল্লীত থকা তেওঁৰ চৰকাৰী কাৰ্য্যালয়ত সাক্ষাৎ কৰি ৰাজ্যখনত ৰূপায়িত হৈ থকা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি অন্যান্য আন্তঃগাথনিমূলক প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত এখন বৈঠকত মিলিত হয়।

ৰাজ্যৰ গড়কপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মোদী কেবিনেটৰ মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা বৈঠকত যোৰহাট-মাজুলী-শিৱসাগৰ-দিচাংমুখ-টেকেলীফুটা-ঢকুৱাখানা-উত্তৰ লখিমপুৰ সংযোগী দলং নিৰ্মাণৰ প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ কৰাৰ বিভিন্ন দিশ সম্পৰ্কত বিতং আলোচনা কৰা হয়।

Apply Now

মুখ্য মন্ত্ৰীয়ে কয় যে এই দলং নিৰ্মাণে ৰাজ্যৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্য মন্ত্ৰীক আশ্বাস প্ৰদান কৰি কয় যে এই দলং নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰিব পৰাকৈ প্ৰয়োজনীয় সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।

আজিৰ এই বৈঠকত ৰাজ্যখনত চলি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰাৰ লগতে এই চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে যাতে বৰ্তমানৰ পথছোৱা যাতায়তৰ বাবে উপযোগী হৈ থাকে ইয়াৰ বাবে এন এইছ আই ডি চি এলে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰে সেই সম্পৰ্কতো বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত এন এইছ এই ডি চি এলৰ অধীনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নগাঁও বাইপাছৰ পৰা কলিয়াবৰলৈ, নুমলীগড়ৰ পৰা ডিব্ৰুগড়লৈ, ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিগবৈৰ পৰা লিডুলৈ, ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জামুগুৰিৰ পৰা গহপুৰলৈ, ৫৪ ই নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাচেৰাৰ পৰা হাৰাংগাজাওলৈ চলি থকা নিৰ্মাণ কাৰ্যৰ বিষয়ে আলোচনা কৰা হয়।

আনহাতে,ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত চলি থকা ৫৪ ই নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰিম বাংলৰ পৰা হাৰংগাজাওলৈ, শ্ৰীৰামপুৰৰ পৰা গোসাইগাঁৱলৈ আৰু কালজাৰৰ পৰা পাটাচাৰকুছিলৈ চাৰিলেনযু্ক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য্যৰ লেহেমীয়া অগ্ৰগতিৰ বিষয়েও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক অৱগত কৰা হয়। এই পথ সমূহৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বৰ্তমানে থকা পথছোৱা যাতে যাতায়তৰ সূচলতৰ হৈ থাকে ইয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

বৈঠকত মুখ্য মন্ত্ৰীয়ে কয় যে চাৰিলেনযুক্ত পথৰ কাম অতি লেহেমীয়া হোৱা আৰু বৰ্তমান চলাচল কৰি থকা পথৰ অৱস্থা শোচনীয় হৈ পৰাত জনসাধাৰণে যথেষ্ট দুৰ্ভোগ ভোগ কৰিছে। সেয়েহে এন এইছ এই ডি চি এলে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ নিৰ্মাণকাৰ্য্য অগ্ৰগতি লাভ কৰিব পৰা যায়। ইয়াৰ লগতে যাতে বৰ্তমানে থকা পথ সমূহো সকলো বতৰতে ব্যৱহাৰৰ উপযোগী হৈ থাকে, সেই বিষয়টো মুখ্য মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। মুখ্য মন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক অৱগত কৰে যে এন এইছ আই ডি চি এল কৰ্তৃপক্ষই নিৰ্মাণ কাৰ্য্য চলি থকা জিলা সমূহৰ প্ৰশাসন যন্ত্ৰৰ সৈতে সঘনাই যোগাযোগ স্থাপন কৰিএই ক্ষেত্ৰত সু-সমন্বয়ৰে চাৰিলেনযুক্ত পথ নিৰ্মাণ কাৰ্য্য চলাই গ’লে এই দিশত ইতিবাচক অগ্ৰগতি লাভ কৰিব পৰা যাব।

মুখ্য মন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই কেন্দ্ৰীয় কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে সময়তে কাম সম্পূৰ্ণ কৰিব নোৱাৰা আৰু লেহেম গতিত কাম চলাই থকা ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ এন এইছ আই ডি চি এলৰ পৰিচালন সঞ্চালকগৰাকীক অন্যান্য শীৰ্ষ বিষয়াক লৈ শীঘ্ৰে অসমলৈ যাবলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিচালন সঞ্চালকগৰাকীক যি অংশৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অযথা বিলম্ব হৈছে সেই ক্ষেত্ৰ সমূহৰ চৰৰজমিন পৰিদৰ্শন কৰি ঠাইতে পৰ্যালোচনা কৰি নিৰ্মাম কাৰ্য্য ক্ষিপ্ৰতাৰে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।

বৈঠকত ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ সচিব সহ শীৰ্ষ বিষয়া সকলে অংশ গ্ৰহণ কৰাৰ উপৰি এন এইছ আই ডি চি এলৰ পৰিচালন সঞ্চালক, এন এইছ এ আইৰ অধ্যক্ষ তথা শীৰ্ষ বিষয়া, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, গড়কপ্টানি (ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী প্ৰমুখ্যে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd