NORTHEAST NOW (Assamese)

কৰ্মচাৰীৰ আত্মহত্যাৰ পাছত কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালৰ পুনৰ প্ৰতিশ্ৰুতি

May 7, 2019 10:58 am · এন ই নাও নিউজ
Updated: May 7, 2019 11:01 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰা হ’বই। প্ৰয়োজন হ’লে ইয়াৰ বাবে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কালি অৰ্থাৎ ৬ মে’ত নতুন দিল্লীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকৰ আগত এই মন্তব্য কৰে।

মুখ্য মন্ত্ৰী গৰাকীয়ে সাংবাদিকক স্পষ্ট কে কয় যে নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত চৰকাৰে আপোচ নকৰে। যিকোনো প্ৰকাৰে হ’লেও কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰি তোলা হ’বই।

উল্লেখযোগ্য যে বিগত ২৭ মাহ ধৰি দৰমহা বঞ্চিত হৈ অহা নগাঁও কাগজ কলৰ কৰ্মচাৰী বিশ্বজিৎ মজুমদাৰে অলপতে আত্মহত্যা কৰিছিল।

আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱৰ পূৰ্বে মজুমদাৰে- ‘মই আহিলো। মোৰ মৃত্যুৰ বাবে ভাৰত চৰকাৰেই দায়ী’ (I quit. GOI (Government of India) is responsible for my death) বুলি লিখি থৈ যায়। ইয়াৰ পিছতে মজুমদাৰৰ মৃত্যুক কেন্দ্ৰ কৰি চাৰিওফালে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

মন কৰিব লগীয়া যে আজি প্ৰায় দুবছৰ ধৰি বন্ধ হৈ আছে নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল। কল দুটাৰ কৰ্মচাৰীসকলে বাৰম্বাৰ চৰকাৰক অনুনয় বিনয় কৰাৰ পাছতো কোনো ফল ধৰা দেখা নগ’ল। যাৰ পৰিপ্ৰেক্ষিতত কল দুটাত কৰ্মৰত কৰ্মচাৰীসকলে যন্ত্ৰনাময় জীৱন অতিবাহিত কৰিব লগা হৈছে।

এনে পৰিপ্ৰেক্ষিতত মুখ্য মন্ত্ৰী সোণোৱালে কালি এনেদৰে আইনগত ব্যৱস্থা গ্ৰহণ কৰি হ’লেও নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰা হ’ব বুলি কৰা ঘোষণা বিশেষ চৰ্চা লাভ কৰিছে।

Related News