• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদান পুনৰ আৰম্ভ কৰা সন্দৰ্ভত শিক্ষা আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 27, 2020 8:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না মহামাৰীৰ আতংকৰ বাবে বিগত সাতমাহৰো অধিক কাল ধৰি বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি কৰা সন্দৰ্ভত আলোচনাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিক্ষা, স্বাস্থ্য আদি বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।

বৈঠকত উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে এক প্ৰজেষ্টেশ্যনযোগে বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ কৰাৰ বাবে শিক্ষা বিভাগে প্ৰস্তুত কৰা সুনিৰ্দিষ্ট কাৰ্য্যবিধিৰ বিষয়ে বিস্তৃতভাৱে মুখ্য মন্ত্ৰীক অৱগত কৰে।

Apply Now

কেইবাটাও গুৰুত্বপূৰ্ণ দিশত এই বিধিৰ সংশোধন কৰাৰ লগতে শ্ৰেণীসমূহ পুনৰ আৰম্ভ কৰাৰ দিশত কোভিড বিধি কঠোৰভাৱে মানি চলাটো সুনিশ্চিত কৰিবলৈ সোণোৱালে শিক্ষা বিভাগক নিৰ্দেশ দিয়ে।

শ্ৰেণীসমূহ পুৱাবেলা যথাসম্ভৱ সোনকালে আৰম্ভ কৰিবলৈ, শিক্ষাৰ্থীৰ দুটা দলৰ অহা আৰু যোৱা সময়ৰ মাজত উপযুক্ত ব্যৱধান ৰাখিবলৈ তথা শ্ৰেণীকোঠা, প্ৰস্ৰাৱগাৰ আদিৰ নিয়মীয়া আৰু উপযুক্ত পৰিচ্ছন্নতা সুনিশ্চিত কৰাৰ দিশত মুখ্য মন্ত্ৰীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে।

ছাত্ৰ-ছাত্ৰীৰ মন আনুষ্ঠানিক পাঠদান প্ৰক্ৰিয়াৰ মাজলৈ পুনৰ ঘুৰাই অনাৰ বাবে পাঠদানৰ প্ৰথম মাহটোত তেওঁলোকক দৃশ্য-শ্ৰাব্য ব্যৱস্থা, কাহিনী কথন আদি আকৰ্ষণীয় পদ্ধতিৰ আশ্ৰয় ল’বলৈ, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত কোভিড-১৯ সন্দৰ্ভত সজাগত সৃষ্টি কৰা তথা এই মহামাৰীক নিয়ন্ত্ৰণলৈ অনাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত অৱগত কৰাৰ ব্যৱস্থা ল’বলৈও মুখ্য মন্ত্ৰী সোণোৱালে শিক্ষা বিভাগক নিৰ্দেশ দিয়ে।

ছাত্ৰ-ছাত্ৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ বাবে তেওঁলোকক আইৰণ আৰু ফলিক এচিডৰ বড়ি যোগান ধৰা, নিয়মীয়া যোগাভ্যাসৰ প্ৰশিক্ষম দিয়া তথা নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ তেওঁ বিভাগটোক নিৰ্দেশ দিয়ে।

বিদ্যালয়সমূহত স্থাপন কৰা কোভিড কেয়াৰ কেন্দ্ৰ সমূহ শীঘ্ৰে স্থানান্তৰ কৰিবলৈ তথা যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে প্ৰতিখন বিদ্যালয়ৰ লগতে একোখনকৈ স্বাস্থ্য কেন্দ্ৰক সমন্বিতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ বৈঠকত উপস্থিত থকা স্বাস্থ্য বিভাগৰ কৰ্ম-কৰ্তাসকলক নিৰ্দেশ দিয়ে।

পৰিৱৰ্তিত পৰিস্থিতিত শিক্ষাদানৰ পাৰম্পৰিক পদ্ধতিৰ লগতে ডিজিটেল মাধ্যমৰ অপৰিহাৰ্য্যতাৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনযোগ্য পাঠ গ্ৰহণ কৰিব পৰা স্মাৰ্টফোনৰ দৰে সঁজুলি নথকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ অভিভাৱকসকলক তেনে সঁজুলি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও মুখ্য মন্ত্ৰীয়ে আজি শিক্ষা বিভাগক নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, শিক্ষা বিভাগে প্ৰস্তত কৰা সুনিৰ্দিষ্ট কাৰ্য্যবিধি অনুসৰি অহা ২ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহৰ ষষ্ঠ শ্ৰেণীৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ আনুষ্ঠানিক পাঠদান আৰম্ভ হ’ব।

ষষ্ঠ, সপ্তম, নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সোম, বুধ আৰু শুকুৰবাৰে হোৱাৰ বিপৰীতে অষ্টম, দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান মঙল, বৃহস্পতি আৰু শনিবাৰে হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd