DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 14, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বান প্ৰভাৱিত নলবাৰী আৰু বৰপেটা জিলা পৰিদৰ্শন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2019 7:22 pm
CM visit flood effected Nalbari and Barpeta District

বান পৰিস্থিতি পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ

2.2k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বান প্ৰভাৱিত নলবাৰী আৰু বৰপেটা জিলা পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আশ্ৰয় শিৱিৰত থকা বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ অভাৱ-অভিযোগৰ বুজ লয়।

মুখ্য মন্ত্ৰী সোণোৱালে নলবাৰী জিলাত উপস্থিত হৈ প্ৰথমতে পাগলাদিয়া নৈৰ বানে ক্ষতিগ্ৰস্ত কৰা সৰিয়হতলী গাঁৱৰ ৰাইজে আশ্ৰয় লৈ থকা বাল ভৱন বিদ্যাপীঠ হাইস্কুল আশ্ৰয় শিৱিৰত উপস্থিত হৈ বানাক্ৰান্ত সকলৰ দুখ-দুৰ্দশাৰ বুজ লয়।

সোণোৱাৱে আশ্ৰয় শিৱিৰত থকা ৭৫ টা পৰিয়ালৰ মুঠ ২৫৪ গৰাকী লোকৰ লগত মত-বিনিময় কৰি প্রশাসনৰ তৰফৰ পৰা আগবঢ়োৱা সা-সাহায্যৰ বুজ লয়।

ইয়াৰ পাছতে সোণোৱালে জিলাখনৰ শোলমাৰা বজাৰ পৰিচালনা সমিতিৰ চৌহদত স্থাপন কৰা আশ্ৰয় শিৱিৰো পৰিদৰ্শন কৰি বানাক্ৰান্ত সকলৰ সৈতে মত বিনিময় কৰি চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সাহায্য প্ৰদান কৰি থকা হ’ব বুলি কয়।

নলবাৰী জিলাৰ পাছতে সোণোৱালে বৰপেটা জিলাৰ সৰ্থেবাৰীত উপস্থিত হৈ ৰাজহ চক্ৰটোৰ অন্তৰ্গত বিভিন্ন  অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লয়। মুখ্য মন্ত্ৰীয়ে চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি চৰকাৰী বিভাগ সমূহৰ মুৰব্বীসকলৰ সৈতে এক বৈঠকত মিলিত হৈ শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

বৈঠকত মুখ্য মন্ত্ৰীয়ে বানাক্ৰান্ত সকলক সকলো প্ৰকাৰৰ সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰত তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।

কোনো কাৰণতে যাতে বানপীড়িত লোকসকল অধিক সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তথা আশ্ৰয়, খাদ্য আৰু চিকিৎসা সেৱা যাতে উপযুক্ত ভাবে লাভ কৰে সেয়া নিশ্চিত কৰাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

সোণোৱালে তাৰোপৰি জিলাখনৰ মাথাউৰি সমূহ সুৰক্ষিত কৰি ৰখাৰ দিশত জলসম্পদ বিভাগক প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু বানপীড়িত জনসাধাৰণক উদ্ধাৰৰ বাবে পৰ্যাপ্ত পৰিমাণে নাঁও মজুত কৰি ৰখাৰ উপৰিও এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীৰ জিলাদুখনত বান পৰিস্থিতি পৰিদৰ্শন কালত মন্ত্ৰী ভবেশ কলিতা, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক অশোক শৰ্মা, নাৰায়ন ডেকা, মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী আৰু জিলা দুখনৰ উপায়ুক্ত দুগৰাকী উপস্থিত থাকে।

Recent News

কলিয়াবৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক সম্বৰ্দ্ধনা

কলিয়াবৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক সম্বৰ্দ্ধনা

Salman Rushdie

কিয় ইছলামিক বিশ্বৰ চকুৰ কূটা, দাঁতৰ শূল হৈ পৰিছিল ছলমান ৰুশ্বদী!

‘One MLA, One Pension’ scheme ‘এজন বিধায়ক, এক পেঞ্চন’ আঁচনিত অনুমোদন পঞ্জাৱ চৰকাৰৰ

‘One MLA, One Pension’ scheme ‘এজন বিধায়ক, এক পেঞ্চন’ আঁচনিত অনুমোদন পঞ্জাৱ চৰকাৰৰ

Indian National Flag

ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা: আজি, কালি আৰু কাইলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd