• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এ ডি পি মহাবিদ্যালয়ৰ ‘হীৰক জয়ন্তী’ সমাৰোহত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সোণোৱাল

NE NOW NEWS মিণ্টু দাস
নগাঁও , August 24, 2018 11:29 am

3 min read

ADP college
157
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ অহা ৭ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। বহস্পতিবাৰে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ তথা হীৰক জয়ন্তী সমাৰোহৰ সম্পাদক ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে এক সংবাদ মেলৰ জৰিয়তে চাৰিদিনীয়া কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰে।

অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা অনুসৰি  ৭ ছেপ্টেম্বৰৰ পুৱা ৮ বজাত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন অধ্যক্ষ সহজানন্দ ওজাই মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে হীৰক জয়ন্তী সমাৰোহৰ সমূহ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। ইয়াৰ পিছতে  মহাবিদ্যালয়ৰ লগত জৰিত হৈ থকা ৬০ গৰাকী বিশিষ্ট ব্যক্তিয়ে হীৰক জয়ন্তী উপলক্ষে ৬০ খন পতাকা উত্তোলন কৰিব।

ইয়াৰ পিছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ড° কুলধৰ শইকীয়াই আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। ইয়াৰ পিছত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক ৰং বং টেৰাঙে গ্ৰন্থ-আলোকচিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰিব।

এই অনুষ্ঠানৰ পিছতে মুকলি সভা অনুষ্ঠিত হ’ব। এই মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশিষ্ট অতিথি হিচাপে কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাই, ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ উপৰি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং।

ইয়াৰ পিছত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা, সাংস্কৃতিক অনুষ্ঠান আৰু বন্তি প্ৰজ্বলন-আলোকসজ্জা অনুষ্ঠান অনুষ্ঠিত হ’ব। সেইদৰে ৮ ছেপ্টেম্বৰৰ পুৱা ৯ বজাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰিব। দিনৰ ১২ বজাত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সভাপতি আবুল হাচিম খণ্ডকাৰৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগীয়া গুৰু-শিষ্যৰ মিলন সমাৰোহ উদ্বোধন কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দৰ্প ডেকাই।

আবেলি প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ অনুষ্ঠিত হ’ব। এই অনুষ্ঠান উদ্বোধন কৰিব ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী তথা প্ৰাক্তন ছাত্ৰ পীয়ুষ হাজৰিকাই। ইয়াৰ পিছত অনুষ্ঠিত হ’ব প্ৰাক্তন শিক্ষাৰ্থীৰ সাংস্কৃতিক অনুষ্ঠান। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই এই অনুষ্ঠান মুকলি কৰিব।

ঠিক সেইদৰে ৯ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত ”নাগৰিক পঞ্জীয়েই খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ একমাত্ৰ উপায়” শীৰ্ষক সদৌ অসম ভিত্তিত শুকদেৱ গোস্বামী স্মাৰক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই উদ্বোধন কৰিব লগীয়া তৰ্ক প্ৰতিযোগিতাখনৰ অধ্যক্ষৰ আসন শুৱনি কৰিব কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰূপজ্যোতি চৌধুৰীয়ে।

ইয়াৰ পিছতে  ছাত্ৰ-ছাত্ৰীৰদ্বাৰা পৰিবেশিত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। আনহাতে, ১০ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত অনুষ্ঠিত হ’ব নৱাগত আদৰণি অনুষ্ঠান। অসম লোক সেৱা আয়োগৰ অধ্যক্ষ দীপক শৰ্মাই উদ্বোধন কৰিবলগা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য।

আনহাতে, বিয়লি ৩ বজাত শেষৰ তথা মুখ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই উদ্বোধন কৰিব লগা এই সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট শিল্পী হিচাপে জুবিন গাৰ্গ উপস্থিত থাকিব। এই সংবাদ মেলৰ জৰিয়তে অধ্যক্ষ ড° ভাগৱতীয়ে সমাৰোহৰ সকলো অনুষ্ঠানতে  ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰিছে। এই সংবাদ মেলত অধ্যক্ষক সহযোগ কৰে অধ্যাপকদ্বয় ড° সঞ্জীৱ কুমাৰ বৰকাকতী আৰু ড° সদানন্দ পায়েঙে।

Recent News

a utta

বিজেপি শাসিত ৰাজ্য উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ আকস্মিক পদত্যাগ

Bird-750x375

বৰাইল পাহাৰত ৰোমাঞ্চকৰ অভিযান পাঁচ পক্ষীপ্ৰেমীৰ : সন্ধান লাভ বিৰল প্ৰজাতিৰ পক্ষী

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd