• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়টো দুৰ্নীতি আৰু চিণ্ডিকেটৰ কেন্দ্ৰ হৈ পৰিছে

মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 25, 2019 8:55 pm
Chief minister's office has become the epicentre of corruption and syndicate, says former Assam CM Gogoi

তৰুণ গগৈৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্ত পৰিল। নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজনৈতিক দলসমূহে কোটি কোটি টকা খৰচ কৰি হেলিকপ্তাৰ উৰুৱালে, ৰ’ড শ্ব কৰিলে। সকলোৰে শীৰ্ষত থাকিল শাসক দল বিজেপি। কিন্তু ‘দুৰ্নীতি মুক্ত প্ৰশাসন’ৰ কথা কোৱা ৰাজ্যৰ বিজেপি দলে নিৰ্বাচনত খৰচ কৰিবলৈ ইমান টকা ক’ত পালে? এই প্ৰশ্ন উত্থাপন কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল ৰাইবেৰিয়াত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে ক’লে এই নিৰ্বাচনে হেনো সোণোৱাল চৰকাৰ কিমান দুৰ্নীতিপৰায়ণ প্ৰমাণ কৰি দিলে।

Apply Now

গগৈয়ে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দুৰ্নীতি পৰায়ণতাৰ কথা উল্লেখ কৰি কয়, ‘তেওঁলোকে আমাক ভ্ৰষ্টাচাৰী বুলি কৈছিল, কিন্তু নিৰ্বাচনে প্ৰমাণ কৰিলে যে তেওঁলোক বেছি ভ্ৰষ্টাচাৰী। এই চৰকাৰখনে সকলোতকৈ বেছি দুৰ্নীতি পৰায়ণ। আজি মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়টো দুৰ্নীতি আৰু চিণ্ডিকেটৰ কেন্দ্ৰ হৈ পৰিছে’।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা বিভিন্ন চিণ্ডিকেটৰ বাতৰিৰ প্ৰসংগ উত্থাপন কৰাৰ উপৰিও গগৈয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিয়ুক্তি কেলেংকাৰিৰ অভিযোগৰ কথাও উল্লেখ কৰে। লগতে শেহতীয়াভাৱে গোলাঘাট আৰু যোৰহাট জিলাত সংঘটিত হোৱা সুৰা ত্ৰাজিদিৰ প্ৰসংগও সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

‘আমি সকলো দুৰ্নীতিৰ চিবি আই তদন্তৰ দাবী কৰি আছো। সৰ্বানন্দ সোণোৱালক কৈছো যদি তেওঁ যদি নিৰ্দোষী, চি বি আই তদন্ত নিদিয়ে কিয়?’ তৰুণ গগৈৰ মন্তব্য। মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ লগতে বিত্ত বিভাগৰ কাৰ্য্যালয়কে ধৰি সকলো মন্ত্ৰী আৰু বিভাগসমূহ দুৰ্নীতিৰ কেন্দ্ৰ হৈ পৰিছে, যাৰ ফলত অসমৰ উন্নয়নত বাধা আহিছে বুলিও গগৈয়ে মন্তব্য কৰে।

ইপিনে, দুমাহ আগলৈ ৰাজ্য তোলপাৰ লগাই থকা নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনে এই নিৰ্বাচনত বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে বুলিও প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে। ইয়াৰ কাৰণ এই আন্দোলনক গাঁৱে-ভূঞে লৈ যোৱাত বিধেয়কবিৰোধী দল-সংগঠন আৰু কংগ্ৰেছৰ ব্যৰ্থতা বুলিও তেওঁ প্ৰকাশ কৰে।

‘নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কিছু সজাগতাৰ সৃষ্টি কৰিলো যদিও এই আন্দোলনক গাঁৱে-ভূঞে তৃণমূল পৰ্য্যায়লৈ আমি নিব নোৱাৰিলে। জাতীয় দল-সংগঠনসমূহো এইক্ষেত্ৰত সফল হ’ল বুলি মই নাভাবো। এই আন্দোলনক যি ধৰণে নিব লাগিছিল সেই ধৰণে নিয়া নহ’ল’, তৰুণ গগৈয়ে কয়।

অৱশ্যে নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনে নিৰ্বাচনত কিছু পৰিমাণে প্ৰভাৱ পেলাব বুলিও তেওঁ কয়।

আনহাতে, দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰো গগৈয়ে অভিযোগ আনে। নিৰ্বাচনী প্ৰচাৰত দেশৰ সেনাৰ নামত ভোট বিচৰা কাৰ্য্যত নিষেধাজ্ঞা আৰোপ থকাৰ পাছতো সেয়া উলংঘা কৰাৰ কথাও কয় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

‘নিৰ্বাচন আয়োগৰ কামিহাড় নাই। নিৰ্বাচন আয়োগে প্ৰধান মন্ত্ৰীক ভয় কৰে। দেশৰ নিৰ্বাচন আয়োগৰ গুৰুত্ব নাইকিয়া কৰিলে গণতন্ত্ৰ কেনেকৈ ৰক্ষা পৰিব?’ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ মন্তব্য।

মোদীৰ আমোলত দেশৰ চি বি আইকে ধৰি সকলো স্বতন্ত্ৰ সংস্থাৰ স্বতন্ত্ৰতা নাইকিয়া হোৱা বুলিও তেওঁ সৰৱ হয়।

ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে হোৱা ষড়যন্ত্ৰৰ প্ৰসংগ উত্থাপন কৰি ‘ন্যায়পালিকাৰ বিৰুদ্ধে এনে ষড়যন্ত্ৰ হ’লে ন্যায়পালিকাৰ ওপৰত ৰাইজৰ বিশ্বাস নাইকিয়া হ’ব’ বুলিও তেওঁ কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd