শিৱসাগৰত ‘শিশু কল্যান আৰু শিশু সুৰক্ষা’ সন্দৰ্ভত আয়োজিত পৰ্যালোচনা সভা সম্পন্ন

FB_IMG_1540481893406

ফটো : নৰ্থ-ইষ্ট নাও

বৃহস্পতিবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ চ্যুকাফা ভৱনত জিলা শিশু সুৰক্ষা গোট,  জিলা শিশু আৰু কিশোৰ-কিশোৰী কোষ, জিলা টাস্ক ফ’ৰ্চৰ যুটীয়া উদ্যোগত শিশু কল্যান আৰু সুৰক্ষাৰ সন্দৰ্ভত এখন পৰ্যালোচনা  সভা অনুষ্ঠিত হয়।

জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে সভাপতিত্ব কৰা এই সভাত জিলাখনৰ শিক্ষা, স্বাস্থ্য, আৰক্ষী, জিলা শিশু সুৰক্ষা গোট, শিশু সুৰক্ষা সমিতি, জুভেনাইল জাষ্টিচ বৰ্ড, শিশু গৃহ আদি বিভাগৰ বিষষববীয়া সকল উপস্থিত থাকে।

সভাত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে কয় যে,  শিশু কল্যান আৰু সুৰক্ষাৰ বিষয়ে ৰাইজক অৱগত কৰাৰ প্ৰয়োজন। এই ক্ষেত্ৰত শিক্ষা,  সমাজ কল্যান, স্বাস্থ্য, শিশু সুৰক্ষা আদি বিভাগৰ মূৰব্বী সকলে শিশু সুৰক্ষা আৰু কল্যানৰ ক্ষেত্ৰত শিশু গৃহ সমুহলৈ গৈ শিশুসকলৰ সুৰক্ষাৰ দিশটোত চোকা নজৰ ৰাখিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি শিশু গৃহ সমুহত থকা ৰান্ধনি, চকিদাৰ, আয়া, চাফাইকৰ্মী আদিৰ পৰিচয় পত্ৰ, পুলিচ ভেৰিফিকেচন আদি সঠিক ভাৱে আছে নে নাই সেই বিষয়ে সংশ্লিষ্ট বিভাগ সমুহক নজৰ ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে উদ্যোগ, কল-কাৰখানা, চাহ বাগিচা আদিত সঘনে অভিযান চলাবলৈ আহ্বান জনায় উপায়ুক্ত ঝায়ে।

আনহাতে য়ুনিচেফৰ জিলা বিষয়া সন্ধানী গগৈয়ে নিজৰ বক্তব্যত কয় যে শিশু আৰু কিশোৰ-কিশোৰীসকলক মুক্ত পৰিবেশত মুকলি মনেৰে থাকিবলৈ দিব লাগে। ১০ বছৰৰ ওপৰৰ ল’ৰা-ছোৱালীক বেলেগে বেলেগে হোষ্টেলত ৰখাৰ লগতে ১০ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ বাবে সুকিয়া শৌচালয়ৰ যোগান ধৰাটো আৱশ্যক বুলি ব্যক্ত কৰে।

ইফালে কালিৰ এই পৰ্যালোচনা সভাত অতিৰিক্ত উপায়ুক্ত বিজিত দাস, অতিৰিক্ত অৰক্ষী অধীক্ষক নবীন সিঙ, শিশু সুৰক্ষা সমিতিৰ সভানেত্ৰী দিপালী স্বৰ্গীয়া বৰুৱা আৰু সদস্যা দিপালী ভট্টাচাৰ্য, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰিপুন বৰপূজাৰী, সমাজ কল্যান বিষয়া দিপালী দেৱী, শিক্ষা বিষয়া আব্দুল জেলিল শিশু সুৰক্ষা বিষয়া দিব্যা দেউৰী, জিলা তথ্য সংযোগ বিষয়া সাৰদী গগৈকে ধৰি বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।