“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মেক ইন ইণ্ডিয়া’ প্ৰকল্পটো ভাল আছিল, তেওঁ চেষ্টা কৰিছিল, কিন্তু কাৰ্যকৰী কৰাত ব্যৰ্থ হ’ল । ভাৰতে নিজৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাত ব্যৰ্থ হৈছে। সেয়ে বজাৰখন চীনৰ হাতলৈ গৈছে।” – সোমবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত আলোচনাৰ সময়ত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে দেশৰ অৰ্থনীতি, বৈদেশিক পৰিক্ৰমা, সীমান্ত সমস্যা, সামাজিক আৰু ৰাজনৈতিক বিষয়কে ধৰি বিভিন্ন বিষয়ত মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰে।
কংগ্ৰেছ সাংসদ ৰাহুলে আজি কয় যে লাডাখত চীনৰ আগ্ৰাসন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কৰা দাবী দেশৰ সেনাৰ বক্তব্যৰ সৈতে মিল নাই। দুয়োপক্ষৰ দাবী পৰস্পৰ বিৰোধী। প্ৰধানমন্ত্ৰীয়ে সকলোৰে সন্মুখত কৈয়েই আছে যে চীনৰ কোনো আগ্ৰাসন হোৱা নাই। আনহাতে ভাৰতীয় সেনাই কৈয়েই থাকে যে চীনে আমাৰ ৪০০০ বৰ্গ কিলোমিটাৰ ভূখণ্ড দখল কৰিছে।
ৰাহুলৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অধ্যক্ষ ওম বিৰলাই কয় যে আপুনি যি কৈছে তাৰ প্ৰমাণ সদনত দেখুৱাব লাগিব।
ভাষণৰ আৰম্ভণিতে ৰায়ে বৰেলীৰ সাংসদ ৰাহুলে কয় যে ৰাষ্ট্ৰপতিৰ সমগ্ৰ ভাষণ শুনিছো। যোৱা কেইবছৰমানৰ পৰা তেওঁ একেটা কথাই বাৰে বাৰে কৈ আহিছে – আমি এইটো কৰিলোঁ, আমি সেইটো কৰিলোঁ। যিকোনো দেশ উৎপাদন আৰু ব্যৱহাৰৰ ওপৰত চলি থাকে। কিন্তু এই দেশত ৰিলায়েন্স, আদানি, টাটা, মহিন্দ্ৰা কোম্পানীসমূহৰ বৃদ্ধিৰ পিছতো দেশত সামগ্ৰিক উন্নতি হোৱা নাই। আচলতে আমি দেশৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাত ব্যৰ্থ হৈছো। ইয়াৰ দ্বাৰা চীন লাভৱান হৈছে। আমি চীনা ফোন ব্যৱহাৰ কৰো, বাংলাদেশী কাপোৰ পিন্ধো। ৰাহুলে লগতে কয় যে প্ৰতিটো ক্ষেত্ৰতে আমাৰ পৰা কমেও ১০ বছৰ আগবাঢ়ি আছে চীন।