ভাৰতীয় সীমান্তৰ (এল এ চি) সমীপৰ তিব্বতৰ লুঞ্জে বিমান ঘাটিত ৩৬টা শক্তিশালী বিমান ঘাটি, প্ৰশাসনিক ভৱন আৰু নতুন এপ্ৰ’ন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে চীনে। অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা মাত্ৰ ১০৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ঘাটিটো মেকমোহন লাইনৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত।
বিশেষজ্ঞসকলৰ মতে, ইয়াৰ ফলত চীনৰ যুদ্ধ বিমান আৰু ড্ৰ’ন নিয়োগ কৰাৰ ক্ষমতা আৰু অধিক বৃদ্ধি পাব, যাৰ ফলত ভাৰতীয় বায়ুসেনাৰ প্ৰতিক্ৰিয়াৰ সময় ফলপ্ৰসূভাৱে হ্ৰাস পাব।
ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন মুৰব্বী বি এছ ধনোয়াই সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত কয় যে, “লুঞ্জেত ৩৬টা শক্তিশালী বিমান ঘাটি নিৰ্মাণ কৰাটো স্পষ্ট, পৰৱৰ্তী সংঘাতত তেওঁলোকৰ কৌশলগত যুঁজাৰু বিমান আৰু হেলিকপ্টাৰ ইয়াৰ পৰাই উৰিব। ইতিমধ্যে মাটিৰ তলৰ সুৰংগত গোলাবাৰুদ আৰু ইন্ধন জমা কৰা হৈছে।”
তেওঁ লগতে কয়, “মই ডোকালাম সংঘৰ্ষৰ সময়ত কৈছিলোঁ যে যিদিনা তেওঁলোকে তিব্বতত শক্তিশালী বিমান ঘাটি নিৰ্মাণ কৰিব, সেইদিনা বুজিব পৰা যাব যে তেওঁলোকে যুদ্ধৰ বাবে সাজু হৈছে।”
বায়ুসেনাৰ প্ৰাক্তন উপ-প্ৰধান অনিল খোছলাৰ মতে, লুঞ্জে ঘাটিৰ সম্প্ৰসাৰণ ভাৰতৰ বাবে এক ‘গুৰুতৰ কৌশলগত ভাবুকি’। তেওঁ মন্তব্য কৰি কয়, ‘২০২০ চনত গালৱান সংঘৰ্ষৰ পিছত এনে এটা ঘাটিৰ সৃষ্টি কেৱল সামৰিক দৃষ্টিকোণৰ পৰাই নহয় ৰাজনৈতিক দৃষ্টিকোণৰ পৰাও তাৎপৰ্যপূৰ্ণ। এই কেন্দ্ৰসমূহে চীনৰ বিমানক একাধিক ঘাটিত বিয়পাই ৰখাৰ সুযোগ দিব, যাৰ ফলত আঘাতৰ আশংকা হ্ৰাস পাব আৰু উচ্চ উচ্চতাত দীৰ্ঘম্যাদী অভিযান সম্ভৱ হ’ব।”
লুঞ্জে ঘাটিত দেখা গৈছে চীনত নিৰ্মিত চি এইচ-৪ ড্ৰ’ন। এই ড্ৰ’নসমূহে ১৬ হাজাৰ ফুট উচ্চতাৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিবলৈ সক্ষম। নতুন উপগ্ৰহৰ ছবিয়ে দেখুৱাইছে যে ঘাটিটোৰ ৰাণৱে সম্প্ৰসাৰণ কৰা হৈছে, লগতে ইঞ্জিন পৰীক্ষণ প্লেটফৰ্ম আৰু সহায়ক আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে।
চীনৰ সামৰিক প্ৰস্তুতিৰ প্ৰতি সঁহাৰি জনাই ভাৰতে ২০২৯ চনৰ পৰা আমেৰিকাত নিৰ্মিত ‘স্কাই গাৰ্ডিয়ান’ ড্ৰ’ন লাভ কৰিবলৈ আৰম্ভ কৰিব। ভাৰতীয় বায়ুসেনা আৰু সেনাই এই ড্ৰ’নসমূহৰ আঠটাকৈ ক্ৰয় কৰিছে, যিটো ৩.৫ বিলিয়ন ডলাৰৰ বৃহৎ চুক্তিৰ অংশ। এই উন্নত ড্ৰ’নে ভাৰতৰ চোৰাংচোৱা আৰু নিৰীক্ষণৰ ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰিব আৰু প্ৰয়োজন হ’লে ইয়াক নিখুঁত আক্ৰমণৰ ক্ষমতাও প্ৰদান কৰিব।
প্ৰাক্তন এয়াৰ চীফ মাৰ্শ্বাল এছ পি ধৰকাৰৰ মতে, চীনৰ আন্তঃগাঁথনি উন্নয়ন ভাৰতৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। তেওঁ কয় যে এতিয়ালৈকে আমাৰ ভৌগোলিক অৱস্থানৰ বাবে আমি কিছু সুবিধাজনক অৱস্থাত আছিলো। কিন্তু তিব্বতত বৰ্ধিত আধুনিক বিমান ঘাটি, দীঘলীয়া ৰাণৱে আৰু শক্তিশালী আশ্ৰয় শিবিৰৰ ফলত সেই সুবিধা হ্ৰাস পাইছে।
লুঞ্জেকে ধৰি টিংৰি, বুৰাং, য়ুতিয়ান, য়াৰকান্তসহ ছটা ঘাটি বৰ্তমান দ্ৰুত সম্প্ৰসাৰণৰ কাম চলি আছে। ভাৰতীয় বায়ুসেনাই কয় যে আমাৰ নিজা ব্যৱস্থাপনা আছে, আৰু আমি সীমান্ত অঞ্চলত হোৱা সকলো গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো।
প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, হিমালয়ৰ চাৰিওফালে বিমান ঘাটি গঢ়ি তোলাৰ বাবে ভাৰত আৰু চীনৰ এই প্ৰতিযোগিতাই এতিয়া এক নতুন বাস্তৱতাৰ সংকেত দিছে – য’ত দুয়োখন দেশৰ মাজত সংঘাতৰ সম্ভাৱনা শীতল হ’লেও সীমান্তত সামৰিক প্ৰস্তুতি পূৰ্বতকৈ অধিক সক্ৰিয় হৈ পৰিছে।





